নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীয়েই হ’ব অন্তিম শৃংখলা !

🔹 প্রশিক্ষক গম্ভীৰক লৈ কি পৰিকল্পনা নাৰাজ বিচিচিআইৰ

নিউজ ডেস্ক, ১০ নৱেম্বৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাহট ৱাছ হোৱাৰ পিছতে ভাৰতীয় ক্রিকেট দলত আভ্যন্তৰীণ জোকাৰণিৰ সৃষ্টি হৈছে৷ এই শোচনীয় পৰাজয়ৰ পাছত ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈৰ লগতে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক কেন্দ্র কৰি যথেষ্ট আলোচনা–সমালোচনাৰ সৃষ্টি হৈছে৷ গম্ভীৰৰ দক্ষতাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ এনে আলোচনা–সমালোচনাৰ মাজতে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্রেলিয়া ভ্রমণলৈ সাজু হৈছে ভাৰতীয় ক্রিকেট দল৷ অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই টেষ্ট শৃংখলাৰ পূর্বে ভাৰতীয় দল সন্দর্ভত এক গুৰুত্বপূর্ণ খবৰ ওলাইছে৷ এক প্রতিবেদন অনুসৰি অষ্ট্রেলিয়া ভ্রমণেই ভাৰতীয় দলৰ প্রশিক্ষক হিচাপে গৌতম গম্ভীৰৰ অন্তিম শৃংখলা হ’ব পাৰে৷ এই শৃংখলাতে গম্ভীৰে নিজকে প্রমাণ কৰাৰ বাবে অন্তিম সুযোগ পাব আৰু যদি অষ্ট্রেলিয়াতো ভাৰতীয় দলৰ প্রদর্শন উন্নত নহয় তেন্তে বিচিচিআয়ে গম্ভীৰসহ তেওঁৰ সহযোগী প্রশিক্ষক–কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰে বুলি প্রতিবেদনত দাবী কৰা হৈছে৷ এনে পৰিস্থিতিত বিচিচিআয়ে এতিয়া দুয়োটা ফর্মেটতে পৃথক পৃথক প্রশিক্ষক নিযুক্তিৰ কথা চিন্তা কৰিছে বুলি প্রকাশ পাইছে৷ বিচিচিআইৰ সূত্রৰ উদ্ধৃতিৰে প্রতিবেদনত প্রকাশ কৰা অনুসৰি, ব’র্ডে নিজৰ সিদ্ধান্ত সলনি কৰি গম্ভীৰক অপসাৰণ কৰিব নোৱাৰে৷ কিন্তু টেষ্ট আৰু সীমিত অভাৰৰ ফর্মেটত পৃথক পৃথক প্রশিক্ষক নিযুক্তি দিব পাৰি৷ অৱশ্যে এই সিদ্ধান্ত অষ্ট্রেলিয়া ভ্রমণত ভাৰতীয় দলৰ প্রদর্শনৰ ওপৰত নির্ভৰশীল হ’ব৷ যদি অষ্ট্রেলিয়াৰ বিপক্ষে ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হয়, গম্ভীৰক টেষ্ট দলৰ প্রশিক্ষক পদৰ পৰা অপসাৰণ কৰি ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণক নিযুক্তি দিয়া হ’ব পাৰে বুলি চর্চা চলিছে৷ আনহাতে, এদিনীয়া আৰু টি–২০ দলৰ দায়িত্ব গম্ভীৰেই বহন কৰিব৷ উল্লেখ্য যে নিউজিলেণ্ডৰ বিপক্ষে লজ্জাজনক পৰাজৰ পিছতে তৎপৰ হৈ পৰিছে বিচিচিআই৷

You might also like