নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেপটাউন টেষ্টে ভংগ কৰিলে ৯২ বছৰীয়া বিশ্বাভিলেখ

🔹 সবাতোকৈ কম বলত সমাপ্ত টীম ইণ্ডিয়া–দঃ আফ্রিকাৰ টেষ্ট

নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : দক্ষিণ আফ্রিকা আৰু টীম ইণ্ডিয়াৰ মাজত কেপটাউনত অনুষ্ঠিত টেষ্টখনে ভংগ কৰিলে সুদীর্ঘ ৯২ বছৰীয়া এক বিশ্বাভিলেখ৷ টেষ্ট ক্রিকেটৰ ইতিহাসত সবাতোকৈ কম বলত টেষ্ট জয় কৰি নতুন বিশ্ব অভিলেখ গঢ়িলে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ঘৰুৱা দল দক্ষিণ আফ্রিকা আৰু ভাৰতৰ মাজত কেপটাউনত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন টেষ্ট মাত্র ডেৰ দিনৰ ভিতৰতে সমাপ্ত হয়৷ কালি দ্বিতীয় দিনা চাহ বিৰতিৰ পূর্বেই টীম ইণ্ডিয়াই টেষ্টখনত জয়ৰ সোৱাদ লাভ কৰে৷ মন কৰিবলগীয়া যে টেষ্ট ক্রিকেটৰ ইতিহাসত কেপটাউন টেষ্টখনেই হ’ল সবাতোকৈ কম বলত সমাপ্ত হোৱা টেষ্ট৷ টেষ্টখন ১০৭ অভাৰ অর্থাৎ ৬৪২টা বলত সমাপ্ত হয়৷ ইয়াৰ পূর্বৰ অভিলেখ আছিল ১৯৩২ চনত অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাৰ৷ মেলব’ৰ্নত অনুষ্ঠিত টেষ্টখন ১০৯.২ অভাৰ অর্থাৎ ৬৫৬টা বলত সমাপ্ত হৈছিল৷ উক্ত টেষ্টখনত অষ্ট্রেলিয়াই দক্ষিণ আফ্রিকাক ১ ইনিংছ আৰু ৭২ ৰানত পৰাস্ত কৰিছিল৷ সবাতোকৈ কম বলত টেষ্ট সমাপ্ত হোৱাৰ তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মেচ৷ ১৯৩৫ চনত ব্রীজটাউনত অনুষ্ঠিত টেষ্ট মেচখন ১১২ অভাৰ অর্থাৎ ৬৭২টা বলত সমাপ্ত হয়৷ উল্লেখ্য যে কেপটাউনত কালি সামৰণি পৰা টেষ্টখনৰ প্রথম ইনিংছত দক্ষিণ আফ্রিকাই ৫৫ আৰু দ্বিতীয় ইনিংছত ১৭৬ ৰান কৰাৰ বিপৰীতে টীম ইণ্ডিয়াই প্রথম ইনিংছত ১৫৩ আৰু দ্বিতীয় ইনিংছত তিনিটা উইকেট হেৰুৱাই প্রয়োজনীয় ৭৯ ৰান সংগ্রহ কৰে৷

You might also like