নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতীক্ষাৰ অন্ত : আজিৰে পৰা আৰম্ভ ক্ৰিকেটীয় মহাৰণ চেম্পিয়নছ ট্রফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ প্রতীক্ষাৰ অন্ত৷ আজিৰে পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী ২০২৫৷ সুদীর্ঘ ২৯ বছৰৰ পিছত পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’ব আইচিচিৰ প্রতিযোগিতা৷ ১৯৯৬ চনৰ এদিনীয়া বিশ্বকাপেই আছিল পাকিস্তানৰ মাটিত অন্তিমটো আইচিচি ইভেণ্ট৷ বহু বিতর্কৰ অন্তত পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্রফীত টীম ইণ্ডিয়াই নিৰাপত্তাজনিত কাৰণত পাকিস্তান ভ্রমণ কৰাৰ পৰা বিৰত থাকে৷ অৱশ্যে প্রতিযোগিতাখনৰ ভাৰতীয় দলৰ আটাইকেইখন মেচ ডুবাইত অনুষ্ঠিত হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি হ’বলগীয়া উদ্বোধনী মেচখনত ডিফেণ্ডিং চেম্পিয়ন ঘৰুৱা দল পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ কৰাচীৰ ৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনক লৈ আত্মবিশ্বাসী মহম্মদ ৰিজৱান বাহিনী৷ অৱশ্যে অলপতে পাকিস্তানত অনুষ্ঠিত ত্রিদেশীয় শৃংখলাত পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত আছে নিউজিলেণ্ড বাহিনীৰ৷ কিন্তু প্রতিযোগিতাখন আৰম্ভ হোৱাৰ ২৪ ঘণ্টাৰ পূর্বে এক মোক্ষম আঘাতৰ সন্মুখীন হয় কিবি বাহিনী৷ ভৰিত পোৱা আঘাতৰ বাবে চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ হয় নিউজিলেণ্ড দলটোৰ তাৰকা পেচ বলাৰ ল’কি ফার্গুছন৷ ফার্গুছনৰ স্থানত কাঈল জেমিছনক দলটোত অন্তর্ভুক্ত কৰিছে৷ কাইলৈৰ মেচখনৰ সন্দর্ভত পাকিস্তান দলটোৰ অধিনায়ক ৰিজৱানে কয় যে নিউজিলেণ্ডক পৰাস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰিব বিচাৰিছে পাক বাহিনীয়ে৷ শেহতীয়াকৈ দুর্বল ফর্ম দাঙি ধৰা তাৰকা বেটাৰ বাবৰ আজমে দলৰ হৈ ইনিংছ মুকলি কৰিব বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে প্রতিযোগিতাখনত বাবৰে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি মই আত্মবিশ্বাসী৷ বাবৰে ফখৰ জামানৰ সৈতে ইনিংছ মুকলি কৰিব৷ ইফালে, তৃতীয় স্থানত বেটিং কৰিব কামৰান গুলামে৷ অধিনায়কগৰাকীয়ে চতুর্থ স্থানত বেটিং কৰিব৷ ত্রিদেশীয় শৃংখলাত ফাইনেলত আমি নিউজিলেণ্ডৰ হাতত পৰাজিত হৈছোঁ যদিও চেম্পিয়নছ ট্রফীত ইয়াৰ প্রভাৱ নপৰে৷ আমি এক নতুন উদ্যমেৰে প্রতিযোগিতাখনত অৱতীর্ণ হ’ম৷ চেম্পিয়নছ ট্রফীলৈ সম্পূর্ণৰূপে সাজু হৈছে আমাৰ দলটো৷

খেলৰ সময়ঃ দিনৰ ২.৩০ বজা৷

You might also like