চেম্পিয়নছ ট্রফীত চেম্পিয়নে লাভ কৰিব ২০ কোটি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ আৰম্ভ হৈছে আইচিচি চেম্পিয়নছ ট্ৰফীৰ কাউণ্ট ডাউন৷ বুধবাৰৰ পৰা আৰম্ভ হ’ব আইচিচিৰ মেগা প্রতিযোগিতাখন৷ ক্রিকেটপ্রেমীৰ মাজত প্রতিযোগিতাখনক কেন্দ্র কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধনৰ সবিশেষ তথ্য৷ উল্লেখ্য যে সুদীর্ঘ ৮ বছৰৰ পিছত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ইয়াৰ পূর্বে এই প্রতিযোগিতাখন ২০১৭ চনত অন্তিমবাৰ অনুষ্ঠিত হৈছিল আৰু পাকিস্তানে অর্জন কৰিছিল চেম্পিয়নৰ সন্মান৷ এইবাৰ প্রতিযোগিতাখনত পূর্বৰ সংস্কৰণৰ তুলনাত ৫৩ শতাংশ পুৰস্কাৰৰ ধনৰাশি বৃদ্ধি কৰা হৈছে৷ এদিনীয়া ক্রিকেট ৰেংকিঙৰ শীর্ষ ৮টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত প্রতিটো দলেই লাভ কৰিব নির্ধাৰিত পৰিমাণৰ ধন৷ অর্থাৎ চেম্পিয়ন দল বাদেই, প্রতিযোগিতাত অন্তিম স্থানত থকা দলটোও খালী হাতেৰে উভতি আহিবলগীয়া নহ’ব৷ চেম্পিয়নছ ট্ৰফীৰ মুঠ পুৰস্কাৰৰ ধন ৬৯ লাখ মার্কিন ডলাৰ৷ এইবাৰৰ প্রতিযোগিতাখনত চেম্পিয়ন হোৱা দলটোক ২.২৪ মিলিয়ন মার্কিন ডলাৰ অর্থাৎ প্রায় ২০ কোটি টকা প্রদান কৰা হ’ব৷ একে সময়তে ৰানার্ছআপ দলটোৱে ১.১২ মিলিয়ন ডলাৰ অর্থাৎ প্রায় ১০ কোটি টকা লাভ কৰিব৷ ইয়াৰ ডপৰি ছেমিফাইনেলত পৰাস্ত হোৱা দুয়োটা দলকে প্রায় ৫ কোটি টকাকৈ পুৰস্কাৰ হিচাপে দিয়া হ’ব৷ আনহাতে গ্রুপ পর্যায়ৰ পৰাই বাহিৰ হোৱা দলকেইটাও লাভ কৰিব নির্দিষ্ট পৰিমাণৰ ধন৷ পঞ্চম বা ষষ্ঠ স্থান দখল কৰা দল দুটাই ৩.৫ লাখ ডলাৰ অর্থাৎ প্রায় ৩ কোটি টকা লাভ কৰিব৷ একে সময়তে সপ্তম আৰু অষ্টম স্থানত থকা দল দুটাক প্রায় ১ কোটি ২০ লাখ টকা দিয়া হ’ব৷ আনহাতে গ্রুপ পর্যায়ত প্রতিখন মেচত জয়ৰ বাবে ৩৪ হাজাৰ ডলাৰ অর্থাৎ প্রায় ৩০ লাখ টকা দিয়া হ’ব৷ আনহাতে এই প্রতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে আঠটা দলৰ আটাহকেইটাকে ১ লাখ ২৫ হাজাৰ ডলাৰ অর্থাৎ প্রায় ১ কোটি টকা পৃথকে পৃথকে দিয়া হ’ব৷ এইদৰে প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ সুবাদতে বৃহৎ ধনৰাশি লাভ কৰিব দলসমূহে৷