নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালিয়ৰত আজি ভাৰত–বাংলাদেশৰ প্রথম টি–২০

নিউজ ডেস্ক, ৬ অক্টোবৰ : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি গোৱালিয়ৰৰ শ্রীমন্ত মাধৱৰাও সিন্ধিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে সুদীর্ঘ ১৪ বছৰৰ পিছত গোৱালিয়ৰত আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত হ’ব৷ ২০১০ চনত অন্তিমবাৰৰ বাবে গোৱালিয়ৰত এদিনীয়া আন্তর্জাতিক অনুষ্ঠিত হৈছিল আৰু উক্ত মেচখনত কিংবদন্তি শচীন তেণ্ডুলকাৰে দ্বিশতক অর্জন কৰিছিল৷ নৱাগত খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই টি–২০ মেচৰ শৃংখলাটোক লৈ আত্মবিশ্বাসী৷ সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে টি–২০ৰ শৃংখলাটোত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য লৈছে৷ অন্তিম পাঁচখন টি–২০ মেচত বাংলাদেশৰ বিপক্ষে জয়লাভ কৰা ভাৰতীয় দলটোৱে আজিৰ প্রথমখন মেচতো জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ নৱাগত খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৱে আলহী দল বাংলাদেশৰ পৰা প্রত্যাহ্বান পোৱাটো নিশ্চিত বুলি ব্যক্ত কৰি ঘৰুৱা দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে বাংলাদেশ এটা যুঁজাৰু দল৷ গতিকে আমি অতি সাৱধানতাৰে মেচখনত অৱতীর্ণ হ’ব লাগিব৷ আমাৰ দলটোৰ অধিকসংখ্যক খেলুৱৈয়ে হ’ল নৱাগত৷ ভাৰতীয় দলটোত স্থান নিগাজি কৰাৰ বাবে যুৱ খেলুৱৈসকলে এক সুৱর্ণ সুযোগ লাভ কৰিছে বুলি সূর্যকুমাৰ যাদৱে ব্যক্ত কৰে৷ ইফালে, শৃংখলাটো বিশেষকৈ অসম-সন্তান ৰিয়ান পৰাগ আৰু অভিষেক শর্মাৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ পৰৱর্তী শৃংখলাত ভাৰতীয় দলত স্থান নিগাজি কৰাৰ বাবে ৰিয়ান পৰাগ আৰু অভিষেক শর্মাই এই শৃংখলাটোত বিশেষ উন্নত প্রদর্শন দাঙি ধাৰিব লাগিব৷ অন্যথা পৰৱর্তী সময়ত ভাৰতীয় দলত স্থান লাভৰ বাবে সংগ্রাম কৰিবলগীয়া হ’ব দুয়োগৰাকী ক্রিকেটাৰে৷ টি–২০ শৃংখলাটোত শুভমন গিল, ঋষভ পণ্ট, যশস্বী জয়ছোৱাল, মহম্মদ চিৰাজ আৰু অক্ষৰ পেটেলক বিশ্রাম দিয়া হৈছে৷ ইফালে, দীর্ঘদিনৰ পিছত ভাৰতীয় দলটোলৈ প্রত্যাৱর্তন ঘটিছে অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ৷ এই শৃংখলাটো পাণ্ডিয়াৰ বাবেও বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ আনহাতে, সঞ্জু ছেমছন, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী আৰু শিৱম ডুবেৰ ওপৰতো গুৰু দায়িত্ব থাকিব৷ ইপিনে, শৃংখলাটোৰ জৰিয়তে টি–২০ত অভিষেক ঘটাৰ পূর্ণ সম্ভাৱনা আছে চাঞ্চল্যকৰ পেচ বলাৰ মায়ংক যাদৱৰ৷ বিগত আইপিএলত ১৫০ কিলোমিটাৰ গতিত বলিং কৰা মায়ংকৰ পেচ ধুমুহা প্রত্যক্ষ কৰিবলৈ আজিৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোলৈ অধিক আগ্রহেৰে বাট চাই আছে অনুৰাগীয়ে৷ খেলৰ সময় : সন্ধিয়া ৭ বজা৷

You might also like