নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাৰবানত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ প্রথম টি–২০

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : নৱাগত খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় ক্রিকেট দলটোৰ আজিৰ পৰা দক্ষিণ আফ্রিকা ভ্রমণ আৰম্ভ হ’ব৷ টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি ডাৰবানত অনুষ্ঠিত হ’ব৷ এই শৃংখলাটোত ভাগ লোৱা ভাৰতীয় দলটোৰ অধিকসংখ্যক খেলুৱৈয়ে হ’ল নৱাগত৷ সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে শেহতীয়াকৈ অষ্ট্রেলিয়াৰ বিপক্ষে খেলা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ৪–১ৰ ব্যৱধানত দখল কৰি আত্মবিশ্বাস বৃদ্ধি কৰি তুলিছে৷ এই একেটা দলে প্রটিয়াজ বাহিনীৰে খেলিবলগীয়া টি–২০ মেচৰ শৃংখলাটোত ভাগ ল’ব৷ আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৰ নৱাগত খেলুৱৈৰ বাবে এই শৃংখলাটো বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোত আছে যশস্বী জয়ছোৱাল, ৰিতুৰাজ গাইকোৱাড, ঈশান কিশন, তিলক বার্মা, ৰিংকু সিং, জিতেশ শর্মা, ৰবি বিষ্ণইৰ দৰে নৱাগত খেলুৱৈ৷ অষ্ট্রেলিয়াৰে খেলা সদ্যসমাপ্ত টি–২০ শৃংখলাটোত এই নৱাগত খেলুৱৈকেইগৰাকীয়ে সুন্দৰ প্রদর্শন দাঙি ধৰি নির্বাচকৰ দৃষ্টি আকর্ষণ কৰিছিল৷ এই নৱাগত খেলুৱৈকেইগৰাকীৰ উপৰি দলটোত অভিজ্ঞ খেলুৱৈ হিচাপে আছে শুভমন গিল, শ্রেয়াছ আয়াৰ, ৰবীন্দ্র জাদেজা আৰু মহম্মদ ছিৰাজ৷ অৱশ্যে আজি প্রথমখন মেচত গিল আৰু জাদেজাৰ অংশগ্রহণ অনিশ্চিত৷ ইফালে, দক্ষিণ আফ্রিকাই আজি প্রথম মেচত জয়লাভ কৰি শৃংখলাটোত প্রত্যয়জনক আৰম্ভণি কৰিব বিচাৰিছে৷
খেলৰ সময় : সন্ধিয়া ৭.৩০ বজা ৷

You might also like