নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মার্চৰ পৰা বহু প্রতীক্ষিত আইপিএল

🔹 ২৫ মে’ত অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ

নিউজ ডেস্ক, ১৩ জানুৱাৰী : অপেক্ষাৰ অন্ত৷ বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ চমুকৈ আইপিএল অহা ২১ মার্চৰ পৰা অনুষ্ঠিত হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ উপ–সভাপতি ৰাজীৱ শুক্লাই এই কথা সদৰী কৰে৷ কালি ব’ৰ্ডৰ বিশেষ সাধাৰণ সভাৰ অন্তত ৰাজীৱ শুক্লাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখন ২১ মার্চৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ প্রথমাৱস্থাত প্রতিযোগিতাখন ২৩ মার্চৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল যদিও পিছত সংশোধন কৰা হয়৷ প্রতিযোগিতাখনৰ খিতাপ যুঁজৰ মেচখন ২৫ মে’ত অনুষ্ঠিত হ’ব৷ উদ্বোধনী আৰু ফাইনেল মেচখন কলকাতাত অনুষ্ঠিত হোৱাৰ কথা৷ কালিৰ বৈঠকত ব’ৰ্ডৰ নতুন সম্পাদক আৰু কোষাধ্যক্ষ বাছনি কৰাৰ উপৰি অনাগত দিনত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কি পদক্ষেপ ল’ব পাৰে, সেই সম্পর্কেও সামগ্রিকভাৱে আলোচনা কৰা হয়৷ মহিলা প্রিমিয়াৰ লীগ কোন স্থানত অনুষ্ঠিত হ’ব, সেই সন্দর্ভতো জল্পনা–কল্পনাৰ সৃষ্টি হৈছে৷ অৱশ্যে বিচিচিআইৰ উপ–সভাপতি ৰাজীৱ শুক্লাই কয় যে সেইটোও চূড়ান্ত কৰা হৈছে৷ বৈঠকত পৰৱর্তী এবছৰৰ বাবে নতুনকৈ আয়ুক্ত নিযুক্তি দিয়া হয়৷ ব’ৰ্ডৰ পৰৱর্তী বৈঠক ১৮–১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব আৰু উক্ত বৈঠকত আইচিচি চেম্পিয়নছ ট্রফীৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে বিগত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হৈছিল আইপিএলৰ মেগা নিলাম৷ ফ্রেনচাইজীসমূহে ৬৩৯.১৫ কোটি টকা খৰচ কৰি ১৮২গৰাকী ক্রিকেটাৰ ক্রয় কৰিছিল৷ উক্ত নিলামত আইপিএলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্ট৷ লক্ষ্ণৌৱে পণ্টক ২৭ কোটি টকাত ক্রয় কৰিছিল৷ ইফালে, পঞ্জাবে শ্রেয়াছ আয়াৰক ২৬.৭৫ কোটি টকাত ক্রয় কৰে৷ মন কৰিবলগীয়া যে বিগত বছৰৰ আইপিএল ২২ মার্চৰ পৰা আৰম্ভ হৈছিল আৰু ২৬ মে’ত খিতাপ যুঁজৰ মেচখন মেচ অনুষ্ঠিত হৈছিল আৰু কলকাতা নাইট ৰাইর্ডাছে চেম্পিয়নৰ সন্মান লাভ কৰিছিল৷

You might also like