নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ অক্টোবৰৰ পৰা ৰঞ্জি ট্রফী ক্রিকেট প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুনঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ২০২৪–২৫ বর্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা কৰিছে৷ বিচিচিআইৰ সচিব জয় শ্বাহে বৃহস্পতিবাৰে এক বিবৃতিযোগে কয় যে ২০২৪–২৫ বর্ষৰ ঘৰুৱা ছিজনত খেলুৱৈসকলৰ স্বাস্থ্যক অগ্রাধিকাৰ দিয়াৰ লগতে ঘৰুৱা ক্রিকেট শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷ এই সূচী অনুসৰি আগন্তুক ছিজনটো ৰেড বলেৰে আৰম্ভ হ’ব৷ ইয়াৰ ভিতৰত আছে সন্মানীয় দুলীপ ট্রফী৷ চাৰিটা দলে ৫ ছেপ্টেম্বৰৰ পৰা অনন্তপুৰত আৰম্ভ হ’বলগীয়া দুলীপ ট্রফীত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’ব ইৰাণী কাপ আৰু ৰঞ্জি ট্রফী৷ প্রথম পাঁচখন লীগ মেচেৰে এই দুখন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰঞ্জি ট্রফী৷ ব’ৰ্ডৰ সচিব জয় শ্বাহে লগতে কয় যে ইৰাণী কাপ আৰু ৰঞ্জি ট্রফীৰ পিছত ছৈয়দ মুস্তাক আলী ট্রফী আৰু তাৰ পিছত বিজয় হাজাৰে ট্রফী অনুষ্ঠিত হোৱাৰ লগতে ৰঞ্জি ট্রফীৰ অন্তিম দুখন লীগ মেচ অনুষ্ঠিত হ’ব৷ এই পর্যায়টো হ’ব ন’কআউট পর্যায়৷ এই সময়ছোৱাত খেলৱৈসকলৰ স্বাস্থ্যক অগ্রাধিকাৰ দিবলৈ মেচবোৰৰ মাজত এক দীঘলীয়া ব্যৱধান ৰখা হৈছে৷ যাতে স্বাস্থ্য অটুত ৰখাৰ লগতে ধাৰাবাহিক প্রদর্শনৰ বাবে পর্যাপ্ত সময় থাকে৷ ঘৰুৱা টি-২০ প্রতিযোগিতা ছৈয়দ মুস্তাক আলী ট্রফী ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ২১ ডিচেম্বৰৰ পৰা বিজয় হাজাৰে ট্রফী অনুষ্ঠিত হ’ব৷

You might also like