নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেট খেলাত অনুমতি তালিবানৰঃ অষ্ট্রেলিয়ালৈ যাব আফগানিস্তান দল

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ  বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তানৰ শাসনভাৰ গ্রহণৰ পিছত বহির্বিশ্বৰ সৈতে দেশখনৰ সম্পর্ক প্রায় স্তব্ধ হৈ পৰিছে যদিও ক্রিকেট খেলিবলৈ অষ্ট্রেলিয়ালৈ যাব আফগানিস্তান দল৷ তালিবানে দেশখনৰ ক্রিকেট দলটোক আন্তঃৰাষ্ট্রীয় পর্যায়ত খেলি যাবলৈ অনুমতি দিয়া বুলি আজি ঘোষণা কৰে আফগানিস্তান ক্রিকেট ব’ডৰ মুৰব্বী হামিদ শ্বিনৱাৰিয়ে৷ তেওঁ কয় যে তালিবান চৰকাৰে ক্রিকেট খেলাত অনুমতি দিছে আৰু অহা নৱেম্বৰ–ডিচেম্বৰত্ দেশখনৰ ক্রিকেট দলটোৱে অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচত অংশ ল’ব৷ উল্লেখ্য যে হ’বার্টত অহা ২৭ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অষ্ট্রেলিয়া আৰু আফগানিস্তানৰ মাজত একমাত্র টেষ্ট মেচখন অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে ১৯৯৬ৰ পৰা ২০০১লৈ আফগানিস্তানত শাসন চলোৱা পূর্বৰ তালিবান চৰকাৰে দেশখনত ক্রিকেটকে ধৰি সকলো বিনোদনমূলক কাম–কাজত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ২০১৭ত টেষ্ট ক্রিকেটৰ মর্যাদা লাভ কৰা আফগানিস্তানে ২০১৮ৰ জুনত বাংগালুৰুত ভাৰতৰ বিৰুদ্ধে প্রথমখন মেচ খেলিছিল৷ সমাগত আই চি চি টি–২০ বিশ্বকাপতো দেশখনে অংশ ল’ব৷

You might also like