২০৩১ চনলৈ লণ্ডনতে অনুষ্ঠিত হ’ব ডব্লিউটিচিৰ ফাইনেল
🔹 ৰোহিত শর্মা-পেট কামিনছৰ দাবীক প্রত্যাখ্যান আইচিচিৰ
নিউজ ডেস্ক, ১৫ জুন : ২০৩১ চনলৈকে লণ্ডনতে অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি এই সন্দর্ভত ইতিমধ্যে ইংলেণ্ড ক্রিকেট ব’ৰ্ডৰ সৈতে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে কথা পাতিছে৷ ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে পৰৱর্তী তিনিখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ আয়োজন কৰাৰ ক্ষেত্রত বহু অগ্রগতি লাভ কৰিছে৷ অর্থাৎ ২০২৭, ২০২৯ আৰু ২০৩১ চনৰ ফাইনেল মেচ ইংলেণ্ডত অনুষ্ঠিত হ’ব৷ এই সিদ্ধান্ত জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বার্ষিক বৈঠকত ছীল কৰা হ’ব৷
ইংলেণ্ডত প্রতিবাৰেই ডব্লিউটিচিৰ ফাইনেল মেচ অনুষ্ঠিত কৰাক লৈ টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ ৰোহিত শর্মাৰ লগতে অষ্ট্রেলিয়াৰ তাৰকা পেচ বলাৰ পেট কামিনছে আপত্তি দর্শাইছিল যদিও আইচিচিয়ে তেওঁলোকৰ দাবীক কোনোধৰণৰ গুৰুত্ব নিদিলে৷ ৰোহিত শর্মাই কয় যে ইংলেণ্ডৰ বাহিৰে আন যিকোনো দেশত ডব্লিউটিচিৰ ফাইনেল মেচ আয়োজন কৰিব পৰা যাব৷ প্রশ্ন উত্থাপন হৈছে, কিয় বাৰে বাৰে খিতাপৰ বাবে যুঁজিবলৈ দুয়োটা দলে ইংলেণ্ডলৈ যাবলগীয়া হৈছে৷ বিশেষকৈ য’ত বৰষুণৰ সম্ভাৱনা থাকে৷
ইফালে, অষ্ট্রেলিয়াৰ তাৰকা ক্রিকেটাৰ পেট কামিনছেও কয় যে এইবাৰ যিখন দেশ জয়ী হয়, সেইখন দেশতে পৰৱর্তী ফাইনেল মেচ অনুষ্ঠিত কৰিব লাগে৷ ফাইনেল মেচখনৰ স্থান পৰিৱর্তনৰ প্রয়োজন আছে৷