নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলৰত্ন বঁটাপ্ৰাপকৰ নাম ঘোষণা যুৱ-ক্ৰীড়া মন্ত্ৰালয়ৰ, ৩২ খেলুৱৈলৈ অৰ্জুন বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰিছে খেলৰত্ন বঁটা প্ৰদান কৰা খেলুৱৈৰ তালিকা। মনু ভাকেৰ, ডি গুকেশৰ উপৰি প্ৰবীণ কুমাৰকো মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৪ চনৰ পেৰিছ অলিম্পিকত হকী দলটোক ব্ৰঞ্জৰ পদক লাভ কৰা হৰমনপ্ৰীত সিঙেও খেলৰত্ন লাভ কৰিব। ২০২৫ চনৰ ১৭ জানুৱাৰীৰ পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনত এই খেলুৱৈসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ’ব। সমিতিসমূহে দিয়া পৰামৰ্শৰ ভিত্তিত চৰকাৰে মনু ভাকেৰ, ডি গুকেশ, হৰমনপ্ৰীত সিং আৰু পেৰা এথলীট প্ৰবীণ কুমাৰক খেলৰত্নৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে খেলৰত্ন বঁটা লাভ কৰিবলৈ পৰামৰ্শ দিয়া খেলুৱৈৰ তালিকাত মনু ভাকেৰৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছিল। যদিও পিছত মনুৱে নিজেই স্বীকাৰ কৰিছিল যে হয়তো তেওঁৰ পক্ষই ভুল কৰিছিল। পেৰিছ অলিম্পিকত শ্বুটিঙত ২টা পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল মনু ভাকেৰে। একেখন অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত দুটা ভিন্ন পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। একেবোৰ খেলতে হৰমনপ্ৰীত সিঙে তেওঁৰ অধিনায়কত্বত ভাৰতীয় হকী দলটোক ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ নেতৃত্ব দিয়ে। অলিম্পিকত ভাৰতে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আনহাতে ডি গুকেশ মাত্ৰ কেইসপ্তাহমানৰ আগতে দবাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হৈ পৰিছিল। মাত্ৰ ১৮ বছৰ বয়সতে তেওঁ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। পেৰালিম্পিকৰ টি ৬৪ শাখাৰ হাই জাম্প প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে প্ৰবীণ কুমাৰে। ক্ৰীড়া মন্ত্ৰালয়ে অৰ্জুন বঁটাৰে সন্মানিত হ’বলগীয়া ৩২গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে ১৭গৰাকী পেৰা এথলীট।

You might also like