খেলৰ সময়তে মূৰৰ ওপৰত উৰুৱালে ৫০০ টকীয়া নোটৰ বাণ্ডিল
🔹 ছত্রপতি শিৱাজী মহাৰাজ ময়দানত আজব ঘটনা
নিউজ ডেস্ক, ৭ জানুৱাৰী : ক্রিকেট অনুৰাগীয়ে নিজৰ প্রিয় ক্রিকেটাৰক চাবলৈ বা আনকি স্পর্শ কৰিবলৈ যিকোনো কাম কৰিব৷ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি ক্রিকেট খেলপথাৰত অনুৰাগীয়ে প্রৱেশ কৰাটো নতুন কথা নহয়৷ মহাৰাষ্ট্রৰ ভীৱণ্ডিত সংঘটিত হৈছে এক আজব ঘটনা৷ এজন দর্শকে খেলপথাৰত প্রৱেশ কৰি ৫০০ টকীয়া নোট ওপৰলৈ দলিয়াই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছত্রপতি শিৱাজী মহাৰাজ ময়দানত চলি আছিল ৭ অভাৰৰ খেল৷ খেলৰ সময়ত হঠাতে খেলপথাৰত প্রৱেশ কৰে এজন ক্রিকেট অনুৰাগী৷ যিহেতু স্থানীয় মেচ আছিল, সেয়েহে নিৰাপত্তা বৰ বেছি কটকটীয়া নাছিল৷ পৱন আৰু ফার্দিন নামৰ দুজন ক্রিকেটাৰে বেটিং কৰি আছিল৷ তেওঁলোকৰ দলটোৱে ৬ অভাৰত ৮৪ ৰান সংগ্রহ কৰে৷ ইয়াৰে পৱনে ৯টা বলত ৩৫ ৰান আৰু ১৭ বলত ৩১ ৰান সংগ্রহ কৰে ফার্দিনে৷ খেলপথাৰত প্রৱেশ কৰাৰ পিছতেই পৱনে প্রথম বলৰ পৰাই আক্রমণাত্মক বেটিং আৰম্ভ কৰে৷ তেওঁৰ বেটিং দেখি দর্শকো উৎফুল্লিত হৈ পৰিছিল৷ অভাৰৰ শেষত এজন অনুৰাগীয়ে খেলপথাৰত প্রৱেশ কৰে৷ তেওঁ পোনে পোনে পৱনৰ ওচৰলৈ গ’ল৷ সেই সময়ত নন ষ্ট্রাইকাৰত আছিল পৱন৷ কোনেও বুজি পোৱাৰ আগতেই পকেটৰ পৰা ৫০০ টকীয়া নোটৰ বাণ্ডিল এটা উলিয়াই পৱনৰ মূৰৰ ওপৰলৈ দলিয়াই দিয়ে৷ ইয়াৰ পিছত পৱনক সাবটি ধৰি লাহে লাহে পথাৰ ত্যাগ কৰে৷ অনুৰাগীগৰাকীৰ কার্য দেখি আন দর্শকসকলো উত্তেজনাত আত্মহাৰা হৈ পৰে৷ পথাৰত বহু লোকে প্রৱেশ কৰে৷ কেইবাজনো লোকে পথাৰত সিঁচৰতি হৈ থকা ৫০০ টকীয়া নোট তুলি লোৱাও দেখা গ’ল৷ যদিও এজন বা দুজন মানুহে টকাখিনি লৈ গুচি গ’ল, বাকীসকলে পৱনৰ হাতত গতাই দিলে৷ সমগ্র ঘটনাটোত ক্রিকেটাৰ আৰু আম্পায়াৰসকল একপ্রকাৰ ক্ষুব্ধ হৈ পৰে৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ দেশৰ বিভিন্ন প্রান্তৰ স্থানীয় ক্রিকেট খেলত এনে দৃশ্য নতুন নহয়৷ ক্রিকেটাৰৰ প্রদর্শনত উত্তেজিত দর্শকে সাধাৰণতে ১০ বা ২০ টকীয়া নোট জোকাৰি দিয়ে৷ ৫০০ টকীয়া নোটৰ বাণ্ডিল এটা নিক্ষেপ কৰা ঘটনাই বিশেষ দৃষ্টি আকর্ষণ কৰিছে৷