নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তৃতীয় টি–২০: শৃংখলাত অগ্রগতিৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ দ্বিতীয় টি–২০ত চমকপ্রদ জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি শৃংখলাত অগ্রগতি অর্জনৰ লক্ষ্যৰে ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি–২০ত খেলপথাৰত নামিব৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে পুনৰ এবাৰ নির্ভীক খেল প্রদর্শন কৰিবলৈ সাজু হৈছে৷ বিশেষকৈ নৱাগত অ’পেনাৰ ঈশান কিশন আৰু উদীয়মান তাৰকা ঋষভ পণ্টৰ বিস্ফোৰক বেটিঙে টীম ইণ্ডিয়াক নতুন ৰূপ দিছে৷ অভিষেক টি–২০ মেচত অর্ধশতকেৰে প্রতিভাৰ প্রমাণ দাঙি ধৰা ঈশান কিশনে পুনৰ এবাৰ সুযোগ পোৱাটো একপ্রকাৰ নিশ্চিত৷ ইয়াৰ ফলত লোকেশ ৰাহুল আজিৰ মেচত বাদ পৰিব৷ কিয়নো, দুখন টি–২০ত বিশ্রাম লোৱা তাৰকা অ’পেনাৰ ৰোহিত শর্মা কাইলৈ দললৈ উভতিব৷

ৰোহিতৰ আগমনে দলৰ শক্তি বৃদ্ধি কৰাটো নিশ্চিত৷ একেদৰে অধিনায়ক কোহলিৰ ফর্ম উদ্ধাৰে আত্মবিশ্বাস বৃদ্ধি কৰিছে টীম ইণ্ডিয়াৰ৷ শেহতীয়াকৈ দুর্বল ফর্মত ভুগি থকা তাৰকাগৰাকীয়ে যোৱানিশা অপৰাজিত ৭৩ ৰানৰ ইনিংছ খেলি ভাৰতৰ জয় সহজ কৰি তুলিছিল৷ শ্রেয়াছ আয়াৰো এই মুহূর্তত সুন্দৰ ফর্মত আছে৷ আই পি এলত চমক সৃষ্টি কৰা সূর্য কুমাৰ যাদৱো সুযোগৰ সন্ধানত আছে৷

উল্লেখ্য যে অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতে এই শৃংখলাত কেইবাগৰাকীও উদীয়মান খেলুৱৈক সুযোগ দিছে৷ ইফালে, প্রথম টি–২০ত দুর্দান্ত জয়েৰে শৃংখলাত সুন্দৰ আৰম্ভণি ঘটায়ো যোৱানিশা ভাৰতৰ হাতত বিধ্বস্ত হোৱা ইংলেণ্ডোেে শক্তিশালী প্রত্যাৱর্তনৰ বাবে সাজু হৈছে৷ ইয়ন মৰগান নেতৃত্বাধীন দলটোৱে জ’ছ বাটলাৰ, জেছন ৰয়, ডেভিদ মালান, বেন ষ্ট’কছ, জ’নী বিয়েৰষ্ট’ আদিৰ দৰে বিস্ফোৰক বেটছমেনৰ ওপৰত নির্ভৰশীল হ’ব৷ একেদৰে বলিঙত আজি প্রত্যাৱর্তন ঘটিব তাৰকা বেগী বলাৰ মার্ক উডৰ৷ প্রথম টি–২০ত ভাৰতীয় বেটছমেনক বিপদত পেলোৱা উডে আঘাতৰ বাবে দ্বিতীয় টি–২০ত অংশ ল’ব পৰা নাছিল৷ জ’ফ্রা আর্চাৰৰ সৈতে মার্ক উডে আজিৰ মেচত পুনৰ এবাৰ তীব্র গতিৰ বলেৰে ভাৰতীয় বেটছমেনক প্রত্যাহ্বান জনাব৷

খেলৰ সময়: সন্ধিয়া ৭ বজা৷

You might also like