নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া মোৰ শেষ ইউৰো কাপ : ক্রিষ্টিয়ানো ৰ’নাল্ডো

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুলাইঃ ইউৰো কাপৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ শ্ল’ভেনিয়াক পৰাস্ত কৰি পর্তুগালে মেগা প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাহনেলত প্রৱেশ কৰে৷ সেই মেচখনত চি আৰ ছেভেনে পেনাল্টীত ব্যর্থ হৈছিল৷ খেলৰ অন্তত তেওঁ ঘোষণা কৰে যে এয়া তেওঁৰ শেষ ইউৰো কাপ৷ পৰৱর্তী ইউৰোপৰ শ্রেষ্ঠ প্রতিযোগিতাত পর্তুগালৰ জার্ছীত তেওঁক দেখা পোৱা নাযাব৷ এই ঘোষণাৰ পিছতে ৰ’নাল্ডোৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷ সোমবাৰে ইউৰো কাপৰ মেচখনত নির্ধাৰিত ৯০ মিনিটত কোনো দলে গ’ল দিব নোৱাৰিলে৷ মেচখন অতিৰিক্ত সময়লৈ যোৱাৰ সময়তে পর্তুগালে পেনাল্টী লাভ কৰে৷ কিন্তু পাঁচবাৰৰ বেলন ডি অ’ৰৰ বিজয়ীগৰাকীয়ে পেনাল্টী শ্বটটো কার্যকৰী কৰাত ব্যর্থ হয়৷ অৱশ্যে ৰ’নাল্ডোৱে টাইব্রেকাৰত নিখুঁত শ্বটেৰে গ’ল স্ক’ৰ কৰে৷ খেলৰ অন্তত চি আৰ ছেভেনে অনুৰাগীৰ মাজত আৱেগিক বিস্ফোৰণৰ সৃষ্টি কৰে৷ ‘এইটো নিশ্চিতভাৱে মোৰ শেষ ইউৰো’– ক্রন্দনৰত মাতেৰে তেওঁ ক’লে৷ কিন্তু সেইটোক লৈ মই আৱেগিক হোৱা নাই৷ সকলোৱে আমাক যিদৰে সমর্থন কৰিছে, সেইটোৱে মোক আপ্লুত কৰিছে৷ এই জাৰ্ছীত মই সদায় মোৰ শ্রেষ্ঠখিনি দি আহিছোঁ৷ মই গোটেই জীৱন তেনেকুৱাই কৰিম৷’ ৰ’নাল্ডোৰ এই ঘোষণাৰ পিছত ফুটবল অনুৰাগীৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে আল নাছেৰৰ তাৰকাগৰাকীয়ে একপ্রকাৰৰ অৱসৰৰ কথা ঘোষণা কৰিছে৷ বিশেষজ্ঞসকলৰ মতে ৩৯ বছৰীয়া ৰ’নাল্ডোৰ বাবে পৰৱর্তী বিশ্বকাপলৈকে খেল অব্যাহত ৰখাটো কার্যতঃ অসম্ভৱ৷

You might also like