এইবাৰ আইপিএলত স্মার্ট ৰিপ্লে ছিষ্টেম
বিশেষ বাৰ্তা, ১৯ মার্চ : ২২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত এইবাৰ অধিক ক্ষিপ্র আৰু নির্ভুল সিদ্ধান্ত লোৱা হ’ব৷ এইবাৰৰ আইপিএলত নিয়মৰ কিছু সালসলনি ঘটোৱা হৈছে৷ পূর্বৰ ডিচিছন ৰিভিউ ছিষ্টেম (ডিআৰএছ)ৰ সলনি এইবাৰ স্মার্ট ৰিপ্লে ছিষ্টেম (এছআৰএছ) প্রয়োগ কৰা হ’ব৷ তৃতীয় আম্পায়াৰৰ কোঠাত বহিব হকআই টেকনিচিয়ান৷ তৃতীয় আম্পায়াৰে তেওঁলোকৰ পৰা পোনপটীয়া তথ্য লাভ কৰিব৷ এতিয়ালৈকে হকআই টেকনিচিয়ান আৰু তৃতীয় আম্পায়াৰৰ মাজত আছিল সম্প্রচাৰ কোম্পানীটোৰ এজন ব্যক্তি৷ এতিয়াৰে পৰা তেওঁক মাজত ৰখা নহ’ব৷ ফলত তৃতীয় আম্পায়াৰে বহু বেছি খৰতকীয়াকৈ তথ্য লাভ কৰিব৷ একে সময়তে দুখন ছবি চোৱাৰো সুবিধা আছে আম্পায়াৰসকলৰ৷ যিটো আগতে সম্ভৱ নাছিল৷ ফলত তৃতীয় আম্পায়াৰে অধিক সোনকালে সিদ্ধান্ত ল’ব পাৰিব৷ বাউণ্ডেৰীত কেচ আয়ত্ত, ষ্টাম্পিং, ৰানআউট আৰু বাউণ্ডেৰী বছোৱাৰ কঠিন সিদ্ধান্তবোৰ এতিয়া লোৱাটো বহু সহজ হৈ পৰিব৷ দ্য ১০০ ক্রিকেট প্রতিযোগিতাত এই প্রযুক্তি ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতীয় ক্রিকেট ব’র্ডেও আম্পায়াৰসকলক এই নতুন প্রযুক্তিৰ প্রশিক্ষণ প্রদান কৰিছে৷