বিশ্ব এথলেটিকছৰ ফাইনেলত তিনি ভাৰতীয়
🔹 পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন নীৰজ চোপ্রাৰ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : এবছৰ বাকী থাকোঁতেই পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে ভাৰতৰ তাৰকা পুৰুষ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই৷ বুডাপেষ্টত চলি থকা বিশ্ব এথলেটিকছৰ ফাইনেলত প্রৱেশ কৰি ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ টিকট কাটে টকিঅ’ অলিম্পিকত স্বর্ণ জয় কৰি ইতিহাস ৰচনা কৰা নীৰজ চোপ্রাই৷ বিশ্ব এথলেটিকছৰ পুৰুষৰ জেভলিন থ্র’ৰ প্রথমটো থ্র’তে ৮৮.৭৭ মিটাৰ নিক্ষেপ কৰি পেৰিছ অলিম্পিকৰ অর্হতাৰ মাপকাঠী অতিক্রম কৰে ভাৰতীয় তাৰকা জেভলিন থ্র’ৱাৰগৰাকীয়ে৷ পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জনৰ মাপকাঠী আছিল ৮৫.৫০ মিটাৰ৷ প্রতিযোগিতাখনৰ গ্রুপ এত স্থান লাভ কৰা নীৰজ চোপ্রাই দেওবাৰে ফাইনেলত নামিব৷ চলিত ছিজনত শ্রেষ্ঠ প্রদর্শন দাঙি ধৰা নীৰজে এতিয়ালৈকে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ তাৰকা খেলুৱৈগৰাকীয়ে অলিম্পিককে ধৰি বিভিন্ন প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ টকিঅ’ অলিম্পিকত স্বর্ণীল ইতিহাস ৰচনা কৰা নীৰজে যোৱা মাহত হৈ যোৱা ল’উজান ডায়মণ্ড লীগত শীর্ষস্থান দখল কৰাৰ লগতে ডোহা ডায়মণ্ড লীগৰো খিতাপ জয় কৰিছিল৷ ইফালে, নীৰজৰ উপৰি ফাইনেলত প্রৱেশ কৰা ১২জনীয়া খেলুৱৈৰ তালিকাত আছে ভাৰতৰ আন দুগৰাকী খেলুৱৈ৷ ৮১.৩১ মিটাৰ থ্র’ কৰি ডিপি মানু আৰু ৮০.৫৫ মিটাৰ থ্র’ কৰি কিশোৰ জেনাই ফাইনেলত স্থান নিশ্চিত কৰিছে৷ ফাইনেলৰ চূড়ান্ত তালিকাত মানুৱে ষষ্ঠ আৰু জেনাই নৱম স্থান লাভ কৰিছে৷ ইফালে, নীৰজ চোপ্রাৰ প্রতিদ্বন্দ্বী পাকিস্তানৰ নাদীম আর্ছাদেও পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে৷ পাকিস্তানৰ জেভলিন থ্র’ৱাৰগৰাকীয়ে ৮৬.৭৯ মিটাৰ থ্র’ কৰি বিশ্ব এথলেটিকছৰ ফাইনেলত প্রৱেশ কৰাই নহয়, ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈও টিকট কাটে৷ আনহাতে, চেক গণৰাজ্যৰ ভাডলেছেও ৮৩.৫০ মিটাৰ থ্র’ কৰি প্রতিযোগিতাখনৰ ফাইনেলত স্থান নিশ্চিত কৰে৷