নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাস্তিৰ সন্মুখীন তিনি পাকিস্তানী ক্রিকেটাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে মেচ চলি থকা সময়ত অভব্য আচৰণ কৰি শ্বাহিন শ্বাহ আফ্রিদী, ছাউদ চাকিল আৰু কামৰান গুলামে আইচিচিৰ দ্বাৰা শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিপক্ষৰ অধিনায়কক আউট কৰি পৈশাচিক উল্লাস কৰি শাস্তিৰ সন্মুখীন হয় এই তিনি পাক ক্রিকেটাৰ৷ আইচিচিৰ ফালৰ পৰা কোৱা হৈছে যে খেলপথাৰত উপস্থিত থকাসকলক উচটনি দিয়াৰ দৰে আচৰণ কৰিছে তেওঁলোকে৷ ইয়াৰ ফলত বৃহৎ আর্থিক জৰিমনাৰ সন্মুখীন হৈছে তিনিওগৰাকী খেলুৱৈ৷ উল্লেখ্য যে চেম্পিয়নছ ট্রফীৰ পূর্বে দক্ষিণ আফ্রিকা আৰু নিউজিলেণ্ডৰ বিপক্ষে ত্রিদেশীয় শৃংখলা খেলিছে পাকিস্তানে৷ বুধবাৰে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিবলৈ নামি পাকিস্তানী খেলুৱৈসকলে আৰম্ভণিৰ পৰাই আগ্রাসী মনোভাব প্রদর্শন কৰে৷ ২৮সংখ্যক অভাৰত ছিংগল ৰান লোৱাৰ সময়তে মেথিউ ব্রীটজক ইচ্ছাকৃতভাৱে ঠেলি দিয়ে ছাহিনে৷ ইয়াক লৈ উত্তপ্ত বাক্য বিনিময় হয় দুই ক্রিকেটাৰৰ মাজত৷ উক্ত অভাৰৰে চতুর্থটো বলত উত্তেজনা অধিক বৃদ্ধি পায়৷ পোনপটীয়া থ্র’ত আউট হয় দক্ষিণ আফ্রিকাৰ অধিনায়ক টেম্বা বাভুমা৷ তেওঁৰ উইকেট পৰাৰ লগে লগে দৌৰি আহি চেলিব্রেচন আৰম্ভ কৰে ছাকিল আৰু কামৰানে৷

You might also like