৪ মাহ পূর্বেই অষ্ট্রেলিয়া-ভাৰতৰ এদিনীয়া, টি–২০ৰ টিকট বিক্রী
অক্টোবৰ আৰু নৱেম্বৰ মাহত ঘৰুৱা দল অষ্ট্রেলিয়া আৰু ভাৰতৰ মাজত হ’বলগীয়া হোৱাইট বলৰ শৃংখলাটোক বিশেষকৈ অষ্ট্রেলিয়াত থকা ভাৰতীয় মূলৰ অনুৰাগীয়ে অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে৷
চাৰি মাহ পূর্বেই টিকট বিক্রী হ’ল দুয়ো দেশৰ মাজৰ এদিনীয়া আৰু টি–২০ মেচৰ শৃংখলাটোৰ৷ এছেজৰ টিকট বিক্রীৰ ব্যাপক সফলতাৰ পাছত অষ্ট্রেলিয়াত সীমিত অভাৰৰ মেচৰ চাহিদাও বৃদ্ধি পাইছে৷
মাত্র দুসপ্তাহৰ ভিতৰতে হোৱাইট বলৰ শৃংখলাটোৰ আঠখন খেলৰ ৯০ হাজাৰৰো অধিক টিকট বিক্রী হৈছে৷ কেনবেৰাত হ’বলগীয়া এছচিজি এদিনীয়া আৰু মানুকা অভেলত হ’বলগীয়া টি–২০ মেচৰ টিকট নির্ধাৰিত সময়তকৈ চাৰি মাহ আগতে বিক্রী হয়৷
ইপিনে, এমচিজি আৰু গাব্বাত হ’বলগীয়া টি–২০ মেচৰো টিকট দ্রুতগতিত বিক্রী হৈছে৷ এতিয়ালৈকে ১৬ শতাংশতকৈও অধিক ভাৰতীয় সমর্থকে টিকট ক্রয় কৰিছে৷ ভাৰত আর্মিয়ে ২৪০০ৰো অধিক টিকট ক্রয় কৰাৰ বিপৰীতে ফেনছ ইণ্ডিয়াই ১৪০০ৰো অধিক টিকট ক্রয় কৰিছে৷
উল্লেখ্য যে দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলাটো ১৯–২৫ অক্টোবৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ২৯ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব৷
Niyomiya Barta Desk, Date of published : 27 June, 2025