মেছিৰ চকুপানী মচা টিছু পেপাৰৰ দাম ৭.৪৪ কোটি
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: শৈশৱৰ ক্লাব বার্চিলোনাৰ হৈ অন্তিমখন সংবাদ মেলত আৱেগ নিয়ন্ত্রণ কৰিব নোৱাৰি কান্দি পেলাইছিল লি’নেল মেছিয়ে৷ ছুপাৰষ্টাৰগৰাকীৰ দুচকুৰে নিগৰি অহা পানী মচিবলৈ সেই সময়ত তেওঁলৈ এখন টিছু পেপাৰ আগবঢ়াই দিছিল পত্নী এণ্ট’নেলা ৰোকুজ্জোই৷ বার্চিলোনাৰ ছুপাৰষ্টাৰ লি’নেল মেছিয়ে চকুপানী মচি আৱেগ নিয়ন্ত্রণ কৰা এই টিছু পেপাৰ বিক্রী কৰি প্রায় ১ মিলিয়ন ডলাৰ উপার্জনৰ লক্ষ্য লৈছে এগৰাকী ব্যক্তিয়ে৷
স্পেনিছ সংবাদ মাধ্যমত প্রকাশ পোৱা খবৰ অনুসৰি এই ব্যক্তিগৰাকীয়ে মেছিৰ চকুপানী মচা টিছু পেপাৰ বিক্রীৰ বাবে আন্তঃৰাষ্ট্রীয় নিলাম ৱেবছাইটত ১ মিলিয়ন ডলাৰ (ভাৰতীয় হিচাপত প্রায় ৭ কোটি ৪৪ লাখ টকা) ধার্য কৰিছে৷ যিয়ে তেওঁক এই বৃহৎ পৰিমাণৰ ধন আদায় দিব তেওঁকেই টিছু পেপাৰখন অর্পণ কৰিব৷
ব্যক্তিগৰাকীয়ে এইবুলি দাবী কৰিছে যে এই টিছু পেপাৰত বিৰল প্রতিভাৱান মেছিৰ জিন আছে আৰু এই জিনৰ জৰিয়তে ক্ল’ন তৈয়াৰ কৰি বার্চিলোনাই মেছিৰ সমতুল্য আন এগৰাকী দক্ষ ফুটবলাৰ সৃষ্টি কৰিব পাৰিব৷
উল্লেখ্য যে শেহতীয়াকৈ মেছিয়ে বার্চিলোনাৰ সৈতে ২১ বছৰীয়া আৱেগিক সম্পর্ক ত্যাগ কৰি পেৰিছ ছেইণ্ট জার্মেইনত চুক্তিবদ্ধ হৈছে৷ মাত্র ১৩ বছৰ বয়সত তেওঁ বার্চিলোনাৰ জুনিয়ৰ দলত অন্তর্ভূক্ত হৈছিল৷