নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তৃতীয় টি–২০, শৃংখলাত অগ্রগতিৰ লক্ষ্য ভাৰতৰ

🔹 মূল একাদশত স্থান লাভ কৰিবনে অসম-সন্তান ৰিয়ানে 

বিশেষ বাৰ্তা, ১০ জুলাই : ঘৰুৱা দল জিম্বাব’ৱেৰে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোত অগ্রগতিৰ লক্ষ্য লৈছে যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটোৱে৷ শৃংখলাটোৰ আজি তৃতীয়খন মেচ অনুষ্ঠিত হ’ব৷ ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচৰ প্রথমখনত জিম্বাব’ৱে আৰু দ্বিতীয়খনত ভাৰতীয় দলটোৱে জয়লাভ কৰিছে৷ ফলত, শৃংখলাটোত ১–১ত সমতা স্থাপন হৈ আছে৷ আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটোত ২–১ৰ অগ্রগতিৰ লক্ষ্য লৈছে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ দ্বিতীয়খন মেচত বৃহৎ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত আছে যুৱ দলটোৰ৷ অৱশ্যে আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি ঘটাৰ সম্ভাৱনা আছে৷ শৃংখলাটোৰ প্রথম দুখন মেচত অংশ লোৱাৰ পৰা বিৰত আছিল যশস্বী জয়ছোৱাল, শিৱম ডুবে আৰু সঞ্জু ছেমছন৷ ইতিমধ্যে এই তিনিওগৰাকী খেলুৱৈয়ে ভাৰতীয় দলটোত যোগদান কৰিছে৷ ফলত আজিৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে জয়ছোৱাল আৰু অভিষেক শর্মাৰ মাজত যুঁজ চলাৰ সম্ভাৱনা আছে৷ আনহাতে, ধ্রুৱ জুৰেলৰ স্থানত সঞ্জু ছেমছনে উইকেটকীপাৰৰ দায়িত্ব পালন কৰাৰ অধিক সম্ভাৱনা আছে৷ আনহাতে, আজিৰ মেচখনত অসম-সন্তান ৰিয়ান পৰাগৰো অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ ৰিয়ানৰ পৰিৱর্তে শিৱম ডুবেই মূল একাদশত স্থান পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ৰাজস্থান ৰয়েলছৰ হৈ তৃতীয় স্থানত বেটিং কৰা ছেমছনে আজি পঞ্চম স্থানতহে বেটিং কৰাৰ সম্ভাৱনা আছে৷ চতুর্থ স্থানলৈ উভতিব ৰুতুৰাজ গাইকোৱাড৷ আজি অধিনায়ক গিলে জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰাৰ অধিক সম্ভাৱনা আছে৷ ফলত দ্বিতীয়খন মেচত বিস্ফোৰক শতক অর্জন কৰা অভিষেক শর্মাই মূল একাদশত স্থান লাভ কৰাৰ পৰা বঞ্চিত হ’ব পাৰে৷ চলিত শৃংখলাৰ পৰাই ভৱিষ্যতৰ ভাৰতৰ টি–২০ দলটো গঠনৰ লক্ষ্য লৈছে বিচিচিআয়ে৷ ইফালে, ভাৰতীয় দলটোৱে কালি অনুশীলন কৰাৰ পৰা বিৰত থাকে৷ দলটোৰ খেলুৱৈসকলে পৰিয়ালৰ সৈতে কালি হাৰাৰেত ছাফাৰীৰে বন্যপ্রাণীৰ শোভা উপভোগ কৰে৷ অভিষেক শর্মা, ৰিয়ান পৰাগ আৰু ধ্রুৱ জুৰেলকে ধৰি দলটোৰ সৰহসংখ্যক খেলুৱৈয়ে পৰিয়ালৰ সৈতে জিম্বাব’ৱেৰ সংৰক্ষিত বনাঞ্চল পৰিদর্শন কৰি আপ্লুত হৈ পৰে৷ দলটোৰ সৈতে অন্তর্ৱর্তীকালীন প্রশিক্ষক ভি ভি এছ লক্ষ্মণো গৈছিল৷ ভাৰতীয় দলটোৱে সংৰক্ষিত বনাঞ্চল পৰিদর্শন কৰাৰ ফটো এক্স হেণ্ডলত আপলোড কৰিছে বিচিচিআয়ে৷

খেলৰ সময় : বিয়লি ৪.৩০ বজা৷

You might also like