নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি চতুর্থ টি–২০ঃ শৃংখলা দখলত চকু ইংৰাজ বাহিনীৰ সমতা স্থাপনৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ  ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ চতুর্থখন মেচ আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব৷ আজিৰ এই মেচখন ঘৰুৱা দলটোৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ কিয়নো, কাইলৈৰ এই গুৰুত্বপূর্ণ মেচখনত পৰাস্ত হ’লে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই ইংলেণ্ডৰ হাতত শৃংখলাটো হেৰুওৱাটো নিশ্চিত হৈ পৰিব৷ ইংলেণ্ডে ইতিমধ্যে শৃংখলাটোত ২–১ৰ অগ্রগতি লাভ কৰি আছে৷ প্রথমখন মেচত পৰাস্ত হোৱাৰ পিছত দ্বিতীয়খন মেচত দুর্দান্ত জয়েৰে শৃংখলাটোত প্রত্যাৱর্তন কৰা ভাৰতীয় দলটোৱে যোৱানিশা অনুষ্ঠিত তৃতীয়খন মেচত ইংৰাজ বাহিনীৰ হাতত ৮ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়৷ যোৱানিশাৰ মেচখনত হোৱা পৰাজয়ে দলটোক কিছু পৰিমাণে চাপত ৰাখিছে যদিও কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটোত পুনৰ প্রত্যাৱর্তন কৰাক লৈ আশাবাদী ভাৰতীয় দলটোৰ অধিনাক বিৰাট কোহলি৷

আজিৰ মেচখনতো দলটোৰ মূল একাদশত বিশেষ কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই বুলি ইংগিত দি অধিনায়ক কোহলিয়ে কয় যে লোকেশ ৰাহুল আৰু ৰোহিত শর্মাই কাইলৈৰ বিজয় অপৰিহার্য মেচখনতো ইনিংছ মুকলি কৰাটো প্রায় খাটাং৷ প্রথম তিনিওখন মেচতে সম্পূর্ণৰূপে ব্যর্থ হোৱা ৰাহুলক আকৌ এবাৰ সুযোগ দিয়াৰ পক্ষপাতী অধিনায়ক বিৰাট কোহলি৷ শেহতীয়া তিনিখন মেচত ৰাহুল ব্যর্থ হ’লেও পূর্বতে খেলা বহুকেইখন মেচত ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰি ভাৰতীয় দলটোক প্রত্যয়জনক আৰম্ভণি দিবলৈ সক্ষম হৈছিল৷ আশা কৰিছোঁ ৰাহুলে কাইলৈ নিজৰ ছন্দ অনুসাৰে খেলিব পাৰিব৷ ইপিনে, যোৱানিশাৰ মেচখনত বেটছমেনসকলে ভুল শ্বট খেলি আউট হোৱা বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে লগতে কয় যে কাইলৈৰ মেচখনত আগশাৰীৰ বেটছমেনসকলে যাতে কোনো এনেকুৱা শ্বট নেখেলে তাৰ প্রতি সতর্ক হোৱা উচিত৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত প্রথমে বেটিং কৰাটো কঠিন বুলি মন্তব্য কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷ ইফালে, যোৱানিশাৰ মেচখনত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ইংৰাজ বাহিনীয়ে শৃংখলা দখলৰ লক্ষ্য লৈছে৷ কাইলৈৰ এই মেচখনত বিজয় সাব্যস্ত কৰি ৩–১ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে ইংলেণ্ড দলটোৱে৷
খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷

You might also like