নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলক চেম্পিয়ন খেলুৱৈ আখ্যা কোহলিৰ

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ সম্প্রতি দুর্বল ফর্ম অব্যাহত থকা উইকেটকীপাৰ বেটছমেন লোকেশ ৰাহুলৰ প্রতি সমর্থন আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা টি–২০ শৃংখলাটোৰ প্রথম তিনিখনত সম্পূর্ণৰূপে ব্যর্থ হোৱা ৰাহুলৰ প্রতি সমর্থন আগবঢ়াই ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে কয় যে টি–২০ ক্রিকেটত ৰাহুল এগৰাকী চেম্পিয়ন খেলুৱৈ৷ শেহতীয়া কেইখনমান মেচত তেওঁ দুর্বল প্রদর্শন আগবঢ়াই আহিছে যদিও বিগত দুই তিনি বছৰৰ পৰিসংখ্যাত তেওঁ আন খেলুৱৈতকৈ বহুত ওপৰত আছে৷ আগন্তুক মেচতো তেওঁ ভাৰতীয় দলৰ হৈ ইনিংছ মুকলি কৰিব আৰু নিজৰ ফর্ম উদ্ধাৰ কৰিব পাৰিব বুলি মন্তব্য কৰে কোহলিয়ে৷

You might also like