ক’ভিড জিনি আৰম্ভ টকিঅ’ অলিম্পিক
মহামাৰীয়ে বিধ্বস্ত কৰা বিশ্বত সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ আলোড়ন
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ গভীৰ অনিশ্চয়তা আৰু আশংকাৰ অৱসান ঘটাই অৱশেষত আৰম্ভ হ’ল টকিঅ’ অলিম্পিক৷ মহামাৰী ক’ভিড–১৯ৰ অবিৰত সংক্রমণৰ বাবে বাৰম্বাৰ অনিশ্চয়তাৰ গৰাহত সোমাই পৰা বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ শুকুৰবাৰে বর্ণিল শুভাৰম্ভ ঘটে৷ অলিম্পিকৰ ইতিহাসত প্রথমবাৰৰ বাবে দর্শকশূন্য ষ্টেডিয়ামত আয়োজিত উদ্বোধনী অনুষ্ঠানত হাজাৰ হাজাৰ ক্রীড়ানুৰাগীৰ হর্ষোল্লাস আৰু উন্মাদনা দেখিবলৈ পোৱা নগ’ল যদিও মেগা ইভেণ্টখনে মহামাৰীৰ মাজত বিশ্ববাসীৰ দীঘলীয়া অৱসাদ দূৰ কৰি নতুন উদ্যম আৰু সতেজতা কঢ়িয়াই আনিছে৷ মহামাৰীয়ে প্রাণকাঢ়ি নিয়া বিশ্বৰ অগণন লোকৰ প্রতি সমবেদনা জ্ঞাপন কৰি আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন কৰে কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকম আৰু ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্রীত সিঙে৷
ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় যে টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ মার্চপাষ্টত ২০জনীয়া ভাৰতীয় দলৰ সৈতে দেখিবলৈ পোৱা যায় দুগৰাকীকৈ অসম সন্তানক৷ তেওঁলোক হ’ল ভাৰতীয় মহিলা বক্সিং দলৰ অন্যতম সদস্য লাভলীনা বৰগোহাঁই আৰু ভাৰতীয় দলৰ চেফ দ্য মিছন বীৰেন্দ্রপ্রসাদ বৈশ্য৷ ৰং–বিৰঙী পোহৰ আৰু আধুনিক প্রযুক্তিৰ অভিনৱ সমাহাৰ ঘটা উদ্বোধনী অনুষ্ঠানত জাপানে বিগত সময়ছোৱাত সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতি আৰু প্রত্যাহ্বানৰ ছবি প্রতিফলিত হয়৷
উল্লেখ্য যে ১৯৬৪ চনত জাপানে সফলতাৰে অলিম্পিক আয়োজন কৰাৰ পিছত দেশখনে ২০১১ত প্রলয়ংকৰী ভূমিকম্প আৰু ছুনামিৰ দৰে প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছিল৷ শেহতীয়াকৈ দেশখনে মহামাৰী ক’ভিড–১৯ৰ ৰূপত আন এক প্রত্যাহ্বানৰ মোকাবিলা কৰিব লগা হয়৷ প্রযুক্তিৰ দিশৰ পৰা বিশ্বৰ আগশাৰীৰ দেশ জাপানে এই সকলো প্রত্যাহ্বান সাহসেৰে নেওচি মহামাৰীৰ এই জটিল সময়তো অলিম্পিক আয়োজন কৰি সম্প্রীতি আৰু বিশ্ব ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰিব বিচাৰে৷ টকিঅ’ৰ নেচনেল ষ্টেডিয়ামত প্রায় এহেজাৰ ভিভিআইপি দর্শকৰ উপস্থিতিত আয়োজিত উদ্বোধনী অনুষ্ঠানত জাপানৰ এই সদিচ্ছা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা হয়৷ মন কৰিবলগীয়া যে বিশ্ব ক্রীড়াৰ সর্বশ্রেষ্ঠ মহাৰণ অলিম্পিক আয়োজনৰ গৌৰৱেৰে মহীয়ান হ’বলৈ বিশ্বৰ প্রায় সকলো দেশে ব্যাপক উৎসাহ–উদ্দীপনাৰে অপেক্ষা কৰে যদিও এইবাৰৰ টকিঅ’ অলিম্পিকৰ পৰিৱেশ সম্পূর্ণৰূপে সুকীয়া৷ অলিম্পিকক লৈ সাধাৰণতে আয়োজক দেশৰ জনসাধাৰণৰ মাজত পাৰভগা উছাহ–উদ্দীপনা আৰু ক্রীড়া উন্মাদনা দেখিবলৈ পোৱা যায়৷ কিন্তু জাপানত জনসাধাৰণৰ মাজত পাৰভগা উছাহ আৰু ক্রীড়া উন্মাদনাৰ বিপৰীতে তীব্র বিক্ষোভ আৰু প্রতিবাদ দেখিবলৈ পোৱা গৈছে৷
মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ মাজত আয়োজিত অলিম্পিকে জাপানত সংক্রমণ বৃদ্ধি কৰাৰ লগতে চৰকাৰী ধনৰ অপচয় কৰাৰ আশংকাত দেশবাসীয়ে দীর্ঘদিন ধৰি প্রতিবাদ সাব্যস্ত কৰি আছে৷ শুকুৰবাৰে অনুষ্ঠিত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সময়তো ষ্টেডিয়ামৰ বাহিৰত একাংশই প্রতিবাদ অব্যাহত ৰাখে৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখো প্রতিবাদকাৰীৰ তীব্র বিক্ষোভৰ সন্মুখীন হৈছিল৷ দেশবাসীৰ তীব্র ক্ষোভ আৰু প্রতিবাদৰ সমান্তৰালকৈ মহামাৰী ক’ভিড–১৯ৰ বর্ধিত সংক্রমণেও টকিঅ’ অলিম্পিকৰ প্রস্তুতিত আউল লগায়৷ মে’–জুন মাহত জাপানৰ ৰাজধানী চহৰখনত ক’ভিডৰ প্রাদুর্ভাৱ যথেষ্ট হ্রাস হোৱাত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে ক্রীড়া মহোৎসৱক লৈ আত্মবিশ্বাস প্রকাশ কৰিছিল যদিও জুলাইত টকিঅ’ত অস্বাভাৱিক হাৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি পায়৷ অলিম্পিকৰ দিন যিমানে কাষ চাপে সিমানেই টকিঅ’ত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাত পুনৰ অনিশ্চিত হৈ পৰে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ৷
উল্লেখ্য যে প্রতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত অলিম্পিক ২০২০ৰ জুলাই–আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰীৰ ভয়াৱহ প্রাদুর্ভাৱৰ ফলত প্রতিযোগিতাখন এবছৰলৈ পিছুৱাই দিয়া হৈছিল৷ বছৰজোৰা অপেক্ষাৰ অন্তত অৱশেষত শুকুৰবাৰে টকিঅ’ত বিশ্ব ক্রীড়াৰ সর্ববৃহৎ মহাৰণৰ আৰম্ভণি ঘটে৷ ইফালে, মহামাৰীৰ সংক্রমণে যোৱা সপ্তাহত অলিম্পিকৰ গেমছ ভিলেজকো চুই যোৱাত আতংকিত হৈ উদ্যোক্তা কমিটীৰ মুৰব্বীয়ে এইবুলিও ঘোষণা কৰিবলৈ বাধ্য হৈছিল যে শেষ মুহূর্তত অলিম্পিক বাতিল হোৱাৰো সম্ভাৱনা নোহোৱা নহয়৷ খেলুৱৈ আৰু বিষয়ববীয়াৰ সমান্তৰালকৈ স্বেচ্ছাসেৱকৰ মাজতো ক’ভিড–১৯ বিয়পি পৰাৰ পিছত উদ্যোক্তা কমিটীৰ শীর্ষ বিষয়ববীয়া এগৰাকীয়ে মুকলিকৈ কৈছিল যে উদ্বোধনী অনুষ্ঠানৰ ১১ ঘণ্টা পূর্বে অলিম্পিক বাতিল হ’ব পাৰে৷
এনে প্রত্যাহ্বান নেওচি অৱশেষত শুকুৰবাৰে টকিঅ’ত বর্ণিল শুভাৰম্ভ ঘটে বিশ্বৰ প্রায় ১০ হাজাৰ ক্রীড়াবিদৰ সমাগম ঘটা অলিম্পিক গেমছৰ৷ বিশ্বৰ মুঠ ২০৪খন দেখে অংশ লোৱা এই ক্রীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত শুকুৰবাৰে উপস্থিত থাকে ১৫গৰাকী বিশ্ব নেতা৷ তেওঁলোকৰ ভিতৰত অন্যতম আছিল জাপানৰ সম্রাট নাৰুহিটো আৰু মার্কিন যুক্তৰাষ্ট্রৰ ফার্ষ্ট লেডী জিল বাইডেন৷ লক্ষণীয়ভাৱে মেগা ইভেণ্টখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নাথকিল জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজ’ আবে৷
টকিঅ’ চহৰে অলিম্পিক আয়োজনৰ দায়িত্ব লাভৰ ক্ষেত্রত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়্ মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ মহামাৰীৰ মাজত অলিম্পিক আয়োজনৰ প্রতিবাদস্বৰূপে কেইবাটাও আগশাৰীৰ স্পনছ’ৰাৰ আৰু আগশাৰীৰ নেতাও উদ্বোধনী অনুষ্ঠানৰ পৰা আঁতৰি থাকে৷
উল্লেখ্য যে অহা ৮ আগষ্টলৈ চলিবলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত ভাৰতে এইবাৰ ১২৭জনীয়া এথলীটৰ দলেৰে অংশ লৈছে৷ মেগা ইভেণ্টখনত দেশক প্রতিনিধিত্ব কৰা অসমৰ উদীয়মান বক্সিং তাৰকা লাভলীনা বৰগোহাঁয়ে অহা ২৭ জুলাইত টকিঅ’ অলিম্পিকৰ ৰিঙত নামিব৷ টকিঅ’ত ভাৰতৰ অন্যতম পদকপ্রত্যাশী অসম কন্যাক লৈ ৰাজ্যবাসীৰ মাজত এতিয়া ব্যাপক উৎসাহ–উদ্দীপনা আৰু উৎকণ্ঠা বিৰাজ কৰিছে৷