নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ ২০২৪ বর্ষৰ সর্বশ্রেষ্ঠ টেষ্ট দলত ২ ভাৰতীয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জানুৱাৰীঃ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ অৱশ্যে বুমৰাহে ভাৰতীয় টেষ্ট দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰা নাই৷ অষ্ট্রেলিয়াৰ ২০২৪ বর্ষৰ সর্বশ্রেষ্ঠ টেষ্ট দলটোৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে বুমৰাহে৷ ক্রিকেট অষ্ট্রেলিয়াই নির্বাচন কৰা ২০২৪ বর্ষৰ সর্বশ্রেষ্ঠ টেষ্ট দলটোত টীম ইণ্ডিয়াৰ দুগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ বুমৰাহৰ উপৰি দলটোত স্থান লাভ কৰা আনগৰাকী ভাৰতীয় খেলুৱৈ হ’ল তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱাল৷ বুমৰাহে ২০২৪ বর্ষত ১৩খন টেষ্টত অংশগ্রহণ কৰি ৭১টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ ইফালে, জয়ছোৱালে ২০২৪ বর্ষত ১৫খন টেষ্টত ১,৪৭৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইপিনে, বুমৰাহ আৰু জয়ছোৱালৰ উপৰি দলটোত ইংলেণ্ডৰ বেন ডাকেট, হেৰী ব্রুক আৰু জ’ ৰুট, নিউজিলেণ্ডৰ মেট হেনৰী আৰু ৰাচিন ৰবীন্দ্র, শ্রীলংকাৰ কামিণ্ডু মেণ্ডিজ আৰু দক্ষিণ আফ্রিকাৰ কেশৱ মহাৰাজ৷ ইফালে, দলটোত অষ্ট্রেলিয়াৰ মাত্র দুগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু খেলুৱৈ দুগৰাকী হ’ল এলেক্স কেৰী আৰু জ’ছ হেজলউড৷

You might also like