নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ বিৰুদ্ধে খেলপথাৰত নামিল বিহাৰৰ দুটা দল

🔹 বিহাৰত ৰঞ্জি মেচত নাভূত–নাশ্রুত ঘটনা

বিশেষ বাৰ্তা, ৬ জানুৱাৰী : বিহাৰত অনুষ্ঠিত ৰঞ্জি মেচত সংঘটিত হ’ল এক নাভূত-নাশ্রুত ঘটনা৷ শক্তিশালী মুম্বাইৰ বিপক্ষে খেলিবলৈ খেলপথাৰত প্রৱেশ কৰে বিহাৰৰ দুটাকৈ দল৷ এই অদ্ভুত ঘটনাটো সংঘটিত হয় শুকুৰবাৰে৷ শুকুৰবাৰৰ পৰা পাটনাৰ মইন উল হক ষ্টেডিয়ামত আৰম্ভ হয় ঘৰুৱা দল বিহাৰ আৰু মুম্বাইৰ মাজৰ ৰঞ্জি মেচ৷ মেচখনত মুম্বাইৰ বিৰুদ্ধে অংশ লোৱাৰ বাবে খেলপথাৰত প্রৱেশ কৰে বিহাৰৰ দুটা দল৷ বিহাৰ ক্রিকেট সন্থাৰ দুটা গোটৰ মাজত চলি থকা কাজিয়াৰ বাবেই এই ঘটনাটো সংঘটিত হয়৷ মেচখনৰ বাবে বিহাৰ ক্রিকেট সন্থাৰ সভাপতি ৰাকেশ তিৱাৰীয়ে দল ঘোষণা কৰে৷ ইপিনে, সম্পাদক অমিত কুমাৰেও মেচখনৰ বাবে আন এটা দল ঘোষণা কৰে৷ ফলত দুয়োটা দলেই মুম্বাইৰ বিপক্ষে খেলিবলৈ খেলপথাৰত উপস্থিত হয়৷ ইয়াৰ লগে লগে ষ্টেডিয়ামৰ বাহিৰত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ৷ অনুৰাগীৰ মাজত প্রশ্ণৰ উদ্বেগ হয় আচল দল কোনটো? অৱশেষত অমিত কুমাৰৰ দলটোক খেলপথাৰৰ পৰা ওভতাই পঠিয়াই দিয়া হয়৷ মেচখন পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব লাগিছিল যদিও সমস্যাটো নিষ্পত্তি হোৱাৰ পিছত মেচখন প্রায় ১১ বজাৰ পৰাহে আৰম্ভ হয়৷ ঘটনা সন্দর্ভত ৰাকেশ তিৱাৰীয়ে কয়– আমি ঘোষণা কৰা দলটোৱে হ’ল প্রকৃত দল৷ আইপিএলত খেলাৰ সুযোগ লাভ কৰা চাকিব হুছেইন দলটোত আছে৷ চাকিবৰ লগতে আছে ১২ বছৰীয়া কিশোৰ বৈভৱ সূর্যবংশী৷ ইপিনে, এই ঘটনাটোক লৈ দুই বিৰোধী পক্ষৰ মাজত বাকবিতণ্ডাৰো সৃষ্টি হয়৷ এই ঘটনাত ক্রিকেট অনুৰাগীসকলো খর্গহস্ত হৈ পৰে৷ অৱশেষত উত্তেজিত ক্রিকেট অনুৰাগীক শান্ত কৰিবলৈ খেলপথাৰত নামিবলগীয়া হয় মুম্বাই দলটোৰ অধিনায়ক টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ আজিংক্য ৰাহানে৷ স্থানীয় আৰক্ষীৰ হস্তক্ষেপত ঘটনাটোৰ শাম কাটে আৰু মেচখন আৰম্ভ হয়৷

You might also like