নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UFA নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল, পৰাস্ত স্পেইন, উচুপিল CR7

খিতাপ জয়ৰ পিছতে ক্রিষ্টিয়ানো ৰোনাল্ডোক আৱেগিক কৰি তুলিছিল। জয়ৰ পিছতে তাৰকা ফুটবলাৰগৰাকীয়ে খেলপথাৰত চকুলো টুকিছিল।

UFA নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল, পৰাস্ত স্পেইন, উচুপিল CR7

নিউজ ডেস্ক, ৯ জুন : পৰ্তুগালে নেচনছ লীগৰ খিতাপ দখল কৰে। কালি নিশা জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত পৰ্তুগালে পেনাল্টি শ্বুটআউটত স্পেইনক ৫-৩ গ’লত পৰাস্ত কৰে।

প্ৰথমে দুয়োটা দলেই অতিৰিক্ত সময় শেষ হোৱাৰ পিছতে ২-২ গ’লত সমতা স্থাপন কৰে। তাৰ পাছত পেনাল্টি শ্বুটআউটত পৰ্তুগালে পাঁচোটা শ্বটতে গ’ল দিয়াৰ বিপৰীতে স্পেইনে দুটা শ্বট মিছ কৰে।

ইয়াৰ লগে লগে পৰ্তুগালে দুবাৰকৈ ইউএফএ নেচনছ লীগৰ খিতাপ দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০১৮-২০১৯ বৰ্ষত প্ৰতিযোগিতাখনৰ প্ৰথম ছিজনতো খিতাপ দখল কৰিছিল।

এই খিতাপ জয়ৰ পিছতে ক্রিষ্টিয়ানো ৰোনাল্ডোক আৱেগিক কৰি তুলিছিল। জয়ৰ পিছতে তাৰকা ফুটবলাৰগৰাকীয়ে খেলপথাৰত চকুলো টুকিছিল।

খিতাপ মেচখনত প্ৰথম মিনিটৰ পৰাই দুয়োখন দেশে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল। খেলখনৰ প্ৰথমটো গ’ল স্পেইনৰ হাতলৈ গৈছিল। ২১ মিনিটত পৰ্তুগালে লেমিন ইয়ামালৰ ক্ৰছ ক্লিয়াৰ কৰিব নোৱাৰাৰ পাছত মাৰ্টিন জুবিমেণ্ডিয়ে গ’ল দিয়ে।

ইয়াৰ পিছতে পৰ্তুগালে প্ৰত্যুত্তৰ দিয়ে। নুনো মেণ্ডেছে অস্কাৰ মিংগুৱেজাক পৰাস্ত কৰি পাঁচ মিনিটৰ পিছতেই প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ’ল দি পৰ্তুগালক সমতালৈ লৈ আনে।

মাইকেল অয়াৰজাবালে খেলখনৰ ৪৫ মিনিটত গ’ল দি স্পেইনক ২-১ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধত পৰ্তুগালে ৰুবেন নেভেছ আৰু নেলছন চেমেডোৰ পৰিচয় দি খেলখনলৈ ঘূৰি আহিবলৈ চেষ্টা কৰে।

৬১ মিনিটত নুনো মেণ্ডেছৰ পৰা বিচ্যুত ক্ৰছত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ভলী কৰি ২-২ গ’লত সমতা স্থাপন কৰে৷ এয়া আছিল ৰোনাল্ডোৰ কেৰিয়াৰৰ ৯৩৮ সংখ্যক গ’ল।

ইয়াৰ পিছত ৰোনাল্ডোৱে আঘাতৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল যদিও ইয়াৰ পিছতো পৰ্তুগালে অতিৰিক্ত সময়ত হেঁচা অব্যাহত ৰাখিছিল।দুয়োটা দলে প্ৰথম তিনিটা স্পট কিকক গ’ললৈ ৰূপান্তৰিত কৰে।

ৰুবেন নেভেছে ষ্টেপ আপ কৰি নিৰ্ণায়ক পেনাল্টিটো ৰূপান্তৰিত কৰি পৰ্তুগালক দ্বিতীয়বাৰৰ বাবে নেচনছ লীগৰ খিতাপ দখল কৰে। খিতাপ জয় কৰাৰ পিছত ৰোনাল্ডোৱেও নিজৰ কেৰিয়াৰৰ বিষয়ে এটা ডাঙৰ ইংগিত দিলে।

You might also like