১৪ বছৰীয়া কিশোৰৰ বেটিঙত মুগ্ধ গুগলৰ মুখ্য কার্যবাহী, আইপিএলৰ বাবে বৈভৱে এৰি দিছিল প্রিয় ছাগলীৰ মাংস–পিজ্জা
নিউজ ডেস্ক, ২১ এপ্ৰিলঃ আইপিএলৰ নিলামৰ সময়ত আলোচনালৈ আহিছিল ১৪ বছৰীয়া বৈভৱ সূর্যবংশী৷ ১ কোটি ১০ লাখ টকাত বিহাৰৰ এইগৰাকী ১৪ বছৰীয়া কিশোৰ বেটাৰক ক্রয় কৰিছিল ৰাজস্থান ৰয়েলছে৷ আইপিএলত দলত স্থান পোৱাৰ পিছত বৈভৱক কঠোৰ নিয়ম বান্ধি দিছিল প্রশিক্ষক মনীষ ওজাই৷ মাংস, পিজ্জা খাবলৈ দিয়া নাছিল বৈভৱক৷ বৈভৱৰ বেটিং নৈপূন্য দেখি মুগ্ধ গুগলৰ মুখ্য কার্যবাহী বিষয়া সুন্দৰ পিচায়ো৷ অধিনায়ক সঞ্জু ছেমছনৰ স্থানত হঠাতে সুযোগ লাভ কৰে এইগৰাকী কিশোৰ প্রতিভাই৷ এই সুযোগকে সম্পূর্ণৰূপে সদ্ব্যৱহাৰ কৰে তেওঁ৷ শার্দুল ঠাকুৰৰ দৰে পেচ বলাৰক বিশাল ছিক্সাৰেৰে অভ্যর্থনা জনাই স্বাভাৱিকতে লাইম লাইটলৈ আহে তেওঁ৷ বৈভৱৰ নামৰ পিছত এতিয়া অসংখ্য অভিলেখ৷ অভিষেক মেচত প্রথমটো বলতে ৬ কোবাই বিশ্বৰ দশম ক্রিকেটাৰ হিচাপে নিজৰ নাম সন্নিৱিষ্ট কৰিছে বৈভৱে৷ ইয়াৰ উপৰি ১৪ বছৰ ২৩ দিন বয়সত অভিষেক ঘটাই বৈভৱে প্রয়াস ৰায় বর্মনৰ অভিলেখ ভংগ কৰিছে৷ ২০১৯ চনত ১৬ বছৰ ১৫৭ দিন বয়সত ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰুৰ হৈ অভিষেক ঘটাইছিল প্রয়াসে৷ তদুপৰি, আইপিএলত ৬ কোবোৱাৰ ক্ষেত্রত বৈভৱ এতিয়া সর্বকনিষ্ঠ বেটাৰ৷ ইমানদিনে এই অভিলেখ আছিল ৰিয়ান পৰাগৰ৷ ৰিয়ানে ১৭ বছৰ ১৬১ দিন বয়সত ৬ কোবাইছিল৷ মেচখনত লক্ষ্ণৌৰ হাতত পৰাস্ত হ’লেও বৈভৱে ২০টা বলত ৩৪ ৰান কৰি গুগলৰ মুখ্য কার্যবাহীৰ দৃষ্টি আকর্ষণ কৰিছে৷ সুন্দৰ পিছায়ে নিজৰ এক্স হেণ্ডেলত বৈভৱৰ ইনিংছৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ কেৱল এয়াই নহয়, দলৰ কঠিন নিয়ম মানি বৈভৱে নিজৰ প্রিয় খাদ্য তালিকাৰ পৰা ছাগলীৰ মাংস আৰু পিজ্জা নিবাৰণ কৰিছে৷ অনুশীলনৰ সময়তো নির্ধাৰিত ৰান বান্ধি দিয়া বৈভৱে কঠোৰ পৰিশ্রম কৰাৰ বাবেই আইপিএলৰ বিশ্বমানৰ বলাৰৰ বিৰুদ্ধে হেলাৰঙে বেটিং কৰিবলৈ সক্ষম হৈছে৷