ভেংকটেশৰ চকুৰ পানীৰ দৰ ২৩.৭৫ কোটি
🔹 কান্দোনত ভাগি পৰা ক্রিকেটাৰৰ চমক
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : চৈয়দ মুস্তাক আলী ট্রফী খেলাত ব্যস্ত ভেংকটেশ আয়াৰ৷ এই সময়তে কালি তেওঁৰ পকেটত সোমাল ২৩ কোটি ৭৫ লাখ টকা ৷ আইপিএলৰ নিলামত কলকাতা নাইট ৰাইডার্ছে ভেংকটেশক ক্রয় কৰিলে৷ নিলামৰ পূর্বে কলকাতা দলটোৱে এৰি দিছিল তেওঁক৷ সেই সময়ত ভেংকটেশ কান্দোনত ভাগি পৰিছিল৷ কিন্তু তেওঁক দললৈ নিয়া হ’ব বুলি পূর্বেই থিৰাং কৰি থৈছিল নাইট ৰাইডার্ছ কর্তৃপক্ষই৷ ভেংকটেশৰ নিজৰ ন্যূনতম দাম ৰাখিছিল ২ কোটি টকা৷ কেকেআৰ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত চলিছিল প্রতিদ্বন্দ্বিতা৷ কিন্তু ৮ কোটি ৫০ লাখ টকাৰ পৰা প্রতিদ্বন্দ্বিতাত নামে বেংগালুৰু৷ এই সময়ত আশা এৰি দিছিল লক্ষ্ণৌৱে৷ ভেংকটেশক লোৱাৰ বাবে শেষ পর্যন্ত চেষ্টা চলাইছিল আৰচিবিয়ে৷ কিন্তু যোৱা বছৰৰ দলটো ধৰি ৰখাৰ বাবে চেষ্টা চলাইছিল কলকাতাই৷ সেই দলৰে অন্যতম অংশীদাৰ আছিল ভেংকটেশ৷ দলক ট্রফী উপহাৰ দিয়াৰ ক্ষেত্রত তেওঁৰ ভূমিকা আছিল অনবদ্য৷ ১৫খন মেচত তেওঁ কৰিছিল ৩৭০ ৰান৷ তেওঁৰ বেটৰ পৰা আহিছিল চাৰিটা অর্ধশতৰান৷ সেইবাবে দলে ৰিটেনচনৰ সময়ত তেওঁক ধৰি নৰখাৰ বাবে কান্দোনত ভাগি পৰিছিল৷ নিলামৰ শেষত তেওঁৰ মুখলৈ হাঁহি উভতি আহে৷ ভেংকটেশে এই প্রসংগত কয়– মই তালিকাত থাকিব বিচাৰিছিলোঁ৷ কলকাতাই মোক প্রথম সুযোগ দিছে৷ আজি যিখিনি হৈছোঁ সেয়া দলটোৰ বাবেই সম্ভৱ হৈছে৷ কলকাতাৰ সৈতে মোৰ আৱেগৰ সম্পর্ক আছে৷ সেইবাবে দলত নাম নেদেখি মই কান্দি পেলাইছিলোঁ৷ উল্লেখ্য যে ২০ লাখ টকাত ২০২১ চনত তেওঁক ক্রয় কৰিছিল কলকাতাই৷ পিছৰ বছৰত তেওঁক ৮ কোটি টকাত ধৰি ৰাখিছিল৷ এইবাৰ তেওঁৰ দাম ২৩ কোটি ৭৫ লাখ টকালৈ বৃদ্ধি পায়৷