নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রেণ্ড ভেল্যু চাৰিগুণলৈ বৃদ্ধি ভিনেশ ফ’গাটৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ ভাৰতৰ তাৰকা মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাটে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কেজিৰ ফাইনেলৰ পূর্বে সন্মুখীন হ’বলগা হৈছিল অনাকাংক্ষিত পৰিস্থিতিৰ, যিটো খেলুৱৈগৰাকীয়ে কেতিয়াও কল্পনা কৰা নাছিল৷ যি কথা সম্প্রতি সমগ্র দেশবাসীৰে পৰিচিত৷ পৰৱর্তী সময়ত ক্রীডাৰ বাবে মধ্যস্থতা আদালতত আবেদন কৰিও পদক লাভৰ যাত্রা সফল কৰি তুলিব নোৱাৰিলে ফ’গাটে৷ কিন্তু ভিনেশে পদক লাভ কৰিব নোৱাৰিলেও এই ঘটনাৰ পিছত দেশত পোৱা সহানুভূতি আৰু মৰম খেলুৱৈগৰাকীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ ভাৰতত ডপস্থিত হোৱাৰ পিছত বিমানবন্দৰৰ পৰা ঘৰলৈ অহাৰ পথত ভিনেশক জনোৱা হৈছিল ৰাজকীয় আদৰণি৷ ভিনেশে অভূতপূর্ব সন্মান লাভ কৰাৰ সমান্তৰালকৈ খেলুৱৈগৰাকীৰ বৃদ্ধি হৈছে ব্রেণ্ড ভেল্যু৷ ভিনেশে পেৰিছ অলিম্পিকত আনুষ্ঠানিকভাৱে কোনো পদক লাভ কৰা নাছিল যদিও খেলুৱৈগৰাকীৰ প্রদর্শনে বিজ্ঞাপনৰ বজাৰত ব্রেণ্ড এম্বেছাডৰ হিচাপে চাহিদা বৃদ্ধি কৰাত সহায় কৰে৷ ইকনমিক টাইমছৰ এক প্রতিবেদন অনুসৰি, পেৰিছ অলিম্পিকৰ পূর্বে বিজ্ঞাপনৰ বাবে লোৱা মাচুলৰ তুলনাত ভিনেশৰ এণ্ডোর্চমেণ্ট চুক্তিৰ মাচুল তেওঁৰ বর্ধিত ব্রেণ্ড ভেল্যুৰ বাবে যথেষ্ট বৃদ্ধি পাইছে৷ এক প্রতিবেদন অনুসৰি, ২০২৪ চনৰ অলিম্পিকৰ পূর্বে প্রতিটো এণ্ডোর্চমেণ্ট চুক্তিৰ বাবে প্রায় ২৫ লাখ টকা লোৱা ভিনেশে এতিয়া যিকোনো ব্রেণ্ডৰ পৰা মাচুল হিচাপে দাবী কৰে প্রায় ৭৫ লাখৰ পৰা আৰম্ভ কৰি এক কোটিপর্যন্ত টকা৷ কেৱল ভিনেশেই নহয়, মনু ভাকেৰ আৰু নীৰজ চোপ্রাৰো বৃদ্ধি পাইছে ব্রেণ্ড ভেল্যু৷ নীৰজৰ ব্রেণ্ড ভেল্যু ৩০–৪০ শতাংশ বৃদ্ধি হৈ ৩৩০ কোটি টকাত উপনীত হৈছে৷ মনুৰ ব্রেণ্ড ভেল্যু বৃদ্ধি পাইছে ৬গুণ পর্যন্ত৷ এটা বিজ্ঞাপনৰ বাবে প্রায় ২৫ লাখ টকা লৈছে ভাকেৰে৷ শ্বুটাৰগৰাকীৰ অলিম্পিক প্রদর্শনৰ বাবেই এই মূল্য বৃদ্ধি পাইছে ৬ গুণপর্যন্ত৷

You might also like