ভিনেশৰ ওজন হ্রাসৰ সময়ত আছিল মৃত্যুৰ শংকা
🔹 ফাইনেলৰ পূর্বৰ নিশা কি হৈছিল ফ’গাটৰ সৈতে- জনালে প্রশিক্ষকে
নিউজ ডেস্ক, ১৭ আগষ্ট : ফাইনেলত অংশগ্রহণৰ বাবে অযোগ্য ঘোষণা হোৱাৰ পিছত ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাট সন্দর্ভত দেশজুৰি চর্চা চলে৷ ৰূপৰ পদক নিশ্চিত কৰাৰ পিছত খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিকৰ মহিলা মল্লযুঁজৰ ৫০ কেজিৰ ফাইনেলত অৱতীর্ণ হৈ স্বর্ণ পদক জয়ৰ বাবে যুঁজ দিয়াৰ কথা আছিল৷ কিন্তু সেয়া নহ’ল৷ এনিশাৰ ভিতৰতে ফ’গাট ফাইনেলৰ বাবে অযোগ্য ঘোষণা হোৱাত খেলুৱৈগৰাকী হতাশ হৈ পৰে৷ পিছে এই সকলোবোৰৰ মাজতে ভিনেশ ফ’গাটৰ ওজন বৃদ্ধি সন্দর্ভত দেৰিকৈ হ’লেও মৌনতা ভংগ কৰি প্রতিক্রিয়া ব্যক্ত কৰিছে খেলুৱৈগৰাকীৰ প্রশিক্ষকে৷ ফাইনেলত পদক নিশ্চিত কৰিবলৈ তাৰকা মল্লযুঁজাৰুগৰাকীয়ে সেই নিশাটোত কেনেদৰে চেষ্টা কৰিছিল, সেই সন্দর্ভত সকলো কথা প্রকাশ কৰিছে প্রশিক্ষক হাংগেৰীৰ ৱ’লাছ আকোছে৷ প্রশিক্ষকগৰাকীয়ে কয় যে সদ্যসমাপ্ত পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কেজিৰ ফাইনেলৰ পূর্বৰ নিশাৰ পৰাই কঠোৰ পৰিশ্রমে ফ’গাটৰ জীৱনৰ প্রতি ভাবুকি মাতি আনে৷ আকোছৰ লগতে আন সকলোৱে খেলুৱৈগৰাকীৰ ওজন হ্রাস কৰিবলৈ সম্ভাব্য সকলো প্রচেষ্টা হাতত লৈছিল যদিও সেই নিশা কৰা সকলো প্রচেষ্টা ব্যর্থ হয় বুলি প্রশিক্ষকগৰাকীয়ে ৰাজহুৱা কৰে৷ এটা ফেচবুক পোষ্টত প্রশিক্ষক আকোছে লিখিছিল– ‘ছেমিৰ পিছত খেলুৱৈগৰাকীৰ শৰীৰৰ পৰা ২.৭ কিঃগ্রাম অতিৰিক্ত ওজন হ্রাস কৰিবলৈ বাকী আছিল৷ আমি এঘণ্টা ২০ মিনিটৰ বাবে ব্যায়াম কৰিছিলোঁ৷ কিন্তু তেতিয়াও ১.৫ কিঃগ্রাম ওজন হ্রাস কৰিবলৈ বাকী আছিল৷ পৰৱর্তী সময়ত ৫০ মিনিটৰ শ্রমৰ পিছতো ফ’গাটৰ দেহৰ পৰা ওলোৱা নাছিল এটোপালো ঘাম৷ ওজন হ্রাস কৰিবলৈ বাকী নাছিল কোনো বিকল্প৷ মাজনিশাৰ পৰা পুৱা ৫.৩০ বজালৈ খেলুৱৈগৰাকীয়ে বিভিন্ন কার্ডিঅ’ আৰু কুস্তিৰ অনুশীলন কৰে৷ এঘণ্টাৰ মূৰে মূৰে দুই–তিনি মিনিটৰ বিশ্রাম গ্রহণ কৰি পুনৰ অনুশীলন আৰম্ভ কৰে৷ অনুশীলনৰ সময়ত খেলুৱৈগৰাকী মাটিত বাগৰি পৰে আৰু আমি তেওঁক কোনোমতে তুলি ধৰোঁ৷ মই ইচ্ছাকৃতভাৱে নাটকীয় বিৱৰণ লিখা নাই, কিন্তু মোৰ কেৱল মনত আছে যে সেই সময়ত আৰু অধিক পৰিশ্রম কৰিলে খেলুৱৈগৰাকীয়ে হয়তো মৃত্যুক সাবটি ল’লেহেঁতেন৷’