বিৰাট–ৰোহিতে খেলিব নোৱাৰিব পৰৱর্তী বিশ্বকাপ!
নিউজ ডেস্ক, ২৪ জুন : ভাৰতীয় দলৰ অভিজ্ঞ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে টি–২০ আৰু টেষ্ট ক্রিকেটৰ পৰা হতিমধ্যে অৱসৰ গ্রহণ কৰিছে৷ এতিয়া দুয়োগৰাকী খেলুৱৈয়ে কেৱল এদিনীয়া ক্রিকেট খেলি যাব৷ ৰোহিত আৰু কোহলিয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ আশা প্রকাশ কৰিছে৷ কিন্তু প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিশ্বাস কৰে যে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত এহ দুয়োগৰাকী খেলুৱৈয়ে ভাৰতীয় দলত নিজৰ স্থান বজাহ ৰখাটো হমান সহজ নহ’ব৷ গাংগুলীয়ে নিজৰ মতামত দাঙি ধৰি সংবাদ প্রতিষ্ঠানৰ সৈতে হোৱা কথা–বতৰাত কয় যে এবছৰত ১৫খন মেচ খেলাটো তেওঁলোকৰ বাবে একেবাৰেহ সহজ নহ’ব৷ দক্ষিণ আফ্রিকা, জিম্বাব’ৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ৷ প্রতিযোগিতাখন আৰম্ভ হোৱাৰ সময়লৈকে কোহলিৰ বয়স হ’ব ৩৮ বছৰ আৰু ৰোহিতৰ বয়স হ’ব ৪০ বছৰ৷ লগতে সেহ সময়লৈকে তেওঁলোকক মাত্র এটা ফর্মেট খেলা দেখা যাব৷ এনে পৰিস্থিতিত তেওঁলোকে নিজকে মেচ ফিট কৰি ৰাখিব পাৰিব নে নাহ সেয়া এক ডাঙৰ প্রশ্ণ হ’ব৷ ২০২৭ চনৰ বিশ্বকাপলৈকে ৯খন দ্বিপাক্ষিক শৃংখলাত টীম হণ্ডিয়াৰ ২৭খন এদিনীয়া খেল আছে৷ অর্থাৎ কোহলি আৰু ৰোহিতে এবছৰত প্রায় ১৫খন আন্তঃৰাষ্ট্রীয় মেচ খেলা দেখা যাব৷ অৱশ্যে এতিয়ালৈকে কোহলি আৰু ৰোহিতে এহ শৃংখলাত অংশগ্রহণ কৰিবলৈ অতিশয় ডৎসাহিত হৈ আছে৷ কিন্তু আগন্তুক মাহত দল পৰিচালনাহ কি ভাবে, সেয়াও এটা ডাঙৰ কাৰক হ’ব৷