নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

🔹 বেংগালুৰু টেষ্টৰ প্রথম ইনিংছত ব্যর্থ হ’লেও অনন্য কৃতিত্ব অর্জন

নিউজ ডেস্ক, ১৮ অক্টোবৰ : নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা বেংগালুৰু টেষ্টৰ প্রথম ইনিংছত সম্পূর্ণৰূপে ব্যর্থ হ’লেও বিৰাট কোহলিয়ে এক অনন্য কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ টেষ্টখনৰ মূল একাদশত স্থান লাভ কৰাৰ লগে লগে সর্বাধিক আন্তর্জাতিক মেচ খেলা ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈৰূপে গৌৰৱ অর্জন কৰে কোহলিয়ে৷ দেশৰ হৈ ৫৩৬খন আন্তর্জাতিক মেচত অংশগ্রহণ কৰি কোহলিয়ে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক অতিক্রম কৰে৷ ধোনীয়ে দেশৰ হৈ ৫৩৫খন আন্তর্জাতিক মেচ খেলিছিল৷ ২০০৮ চনৰ পৰা এতিয়ালৈকে টেষ্ট, এদিনীয়া আৰু টি–২০ মেচকে ধৰি মুঠ ৫৩৬খন মেচত ভাৰতক প্রতিনিধিত্ব কৰিছে তাৰকা বেটাৰ কোহলিয়ে৷ এই তালিকাৰ শীর্ষস্থানত আছে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ৷ ১৯৮৯–২০১৩ চনৰ সময়ছোৱাত তেণ্ডুলকাৰে ৬৬৪খন আন্তর্জাতিক মেচত ভাৰতক প্রতিনিধিত্ব কৰিছিল৷ ৫০৪খন মেচ খেলি দ্রাবিড়ে চতুর্থ স্থানত থকাৰ বিপৰীতে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই ৪৮৬খন মেচ খেলি পঞ্চম স্থানত আছে৷

You might also like