নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুমাৰে ৮ বছৰীয়া সম্পর্ক ছেদ বিৰাট কোহলিৰ

🔹 ৩০০ কোটি টকাৰ নৱীকৃত প্রস্তাৱ নাকচ

নিউজ ডেস্ক, ১৩ এপ্রিল : বিশ্বৰ অন্যতম ক্রীড়া সামগ্রী নির্মাতা পুমাৰে সম্পর্ক ছেদ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে৷ স্প’ৰ্টছ ব্রেণ্ড পুমা ইণ্ডিয়াই ক্রিকেটাৰ আৰু ব্রেণ্ড এম্বেছাডৰ বিৰাট কোহলিৰ সৈতে আঠ বছৰীয়া অংশীদাৰিত্বৰ অন্ত নিশ্চিত কৰিছে৷ ভৱিষ্যতৰ বাবে কোহলিক শুভেচ্ছা জনাই কোম্পানীটোৱে ভাৰতৰ পৰৱর্তী প্রজন্মৰ খেলুৱৈক বিনিয়োগৰ বাবে বাছনি কৰিব৷ পুমাৰ সৈতে ১১০ কোটি টকাৰ চুক্তি আছিল কোহলিৰ৷ সূত্র অনুসৰি, কোহলিয়ে নিজেও পুমাৰ সৈতে চুক্তি বৃদ্ধি কৰিব বিচৰা নাছিল৷ তেওঁ ভাৰতীয় কোম্পানী এগিলিটাছত যোগদান কৰিছে৷ পুমাৰ প্রাক্তন কার্যবাহী অভিষেক গংগোপাধ্যায়ৰ নেতৃত্বত দুবছৰ পূর্বে এগিলিটাছৰে যাত্রা আৰম্ভ কৰিছিল৷ বেংগালুৰুস্থিত এই কোম্পানীটোৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছে কোহলিয়ে৷ জানিব পৰা মতে, কোম্পানীটোত কোহলিয়ে বিনিয়োগ কৰিব৷ বিনিময়ত কোম্পানীটোৱে কোহলিৰ নিজা ব্রেণ্ড ‘ৱান এইট’ৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব আৰু সমগ্র দেশতে তেওঁলোকৰ সামগ্রীৰ বিপণনৰ দায়িত্ব ল’ব৷ কোহলিৰ এই পদক্ষেপক মেক ইন ইণ্ডিয়াৰ প্রতীক হিচাপে দেখা গৈছে৷ বিশ্বৰ বজাৰত প্রতিযোগিতাত অৱতীর্ণ হ’ব পৰা কোনো ঘৰুৱা ক্রীড়া আৰু সঁজুলি নির্মাণ কোম্পানী এতিয়াও স্থাপন হোৱা নাই৷ ব্যৱসায় সমাজৰ এটা অংশই বিশ্বাস কৰে যে এগিলিটাছে কোহলিৰ সৈতে চুক্তিবদ্ধ হৈ এই শূন্যতা পূৰণ কৰিব পাৰে৷ উল্লেখ্য যে ২০১৭ চনত ৮ বছৰৰ বাবে পুমাৰে চুক্তিবদ্ধ হৈছে কোহলি৷ যাৰ মূল্য আছিল ১১০ কোটি টকা৷ জানিব পৰা মতে, কোহলিয়ে পুমাৰ সৈতে ৩০০ কোটি টকাৰ নৱীকৃত প্রস্তাৱ নাকচ কৰিছিল৷

You might also like