নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিনায়কত্বক লৈয়ে অৱসৰ বিৰাটৰ, বৰ্ডৰ সিদ্ধান্তৰ বিপৰীত মেৰুত কিং কোহলি!

কোহলিয়ে পুনৰ অধিনায়ক হোৱাৰ আশাবাদী আছিল

অধিনায়কত্বক লৈয়ে অৱসৰ বিৰাটৰ, বৰ্ডৰ সিদ্ধান্তৰ বিপৰীত মেৰুত কিং কোহলি!

নিউজ ডেস্ক, ১৬ মে’ : ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে স্তম্ভিত কৰি তুলিলে। আধুনিক ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে বিবেচিত কোহলিয়ে ভাৰতৰ সফল অধিনায়ক হিচাপে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সামগ্ৰিকভাৱে ফৰ্মেটটোক বিদায় দিয়াৰ পূৰ্বে তেওঁ চতুৰ্থ সফল টেষ্ট অধিনায়ক আছিল। ইতিমধ্যে কোহলিৰ এই সিদ্ধান্তক লৈ বহু জল্পনা-কল্পনা চলি থকাৰ সময়তে স্প’ৰ্টছ টুডেৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বিচিচিআইয়ে তেওঁক পুনৰ অধিনায়ক নিযুক্তি দিয়াৰ ইংগিত দিছিল যদিও এই আহ্বানৰ সৈতে আগবাঢ়ি নাযায় বুলি তেওঁ সিদ্ধান্ত লৈছিল। প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত বিৰাটক পুনৰ অধিনায়ক হ’ব পাৰে বুলি ইংগিত দিয়া হৈছিল।

প্ৰতিবেদনত কোৱা হৈছে যে “অন্ততঃ তেওঁৰ ঘনিষ্ঠ লোকসকলে যেন তেওঁক এডিলেইডৰ পিছত অধিনায়কত্ব লাভ কৰাৰ এক ধৰণৰ ইংগিত দিয়া হৈছিল। কিন্তু তাৰ পিছত কথাবোৰ সলনি হৈ গ’ল।”

অৱশ্যে পাঁচখন খেলৰ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১ত পৰাস্ত হোৱাৰ পাছত বিচিচিআইয়ে সম্পূৰ্ণ ইউ টাৰ্ণ গ্ৰহণ কৰি যুৱ অধিনায়ক বিচাৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা বুলি খবৰ ওলাইছিল।

প্ৰতিবেদন অনুসৰি কোহলিয়ে পুনৰ অধিনায়ক হোৱাৰ আশাবাদী আছিল আৰু সেইটোৱেই আছিল বিচিচিআইৰ নিৰ্দেশ অনুসৰি দিল্লীৰ হৈ ৰে’লৱেৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী মেচখন খেলাৰ অন্যতম মূল কাৰণ।

ইফালে শেহতীয়াকৈ ভাৰত-পাকিস্তান সীমান্তৰ উত্তেজনাৰ ফলত স্তব্ধ হৈ পৰা আই পি এল কাইলৈ পুনৰ আৰম্ভ হ’ব যত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে যুঁজত নামিব। কিন্তু শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট কোহলিৰ ওপৰত দৃষ্টি থাকিব ক্ৰিকেটানুৰাগীৰ।

You might also like