নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীয়ে জব্দ কৰিলে কোহলীৰ প্ৰথমখন অডি গাড়ী! কাৰণটো কি?

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিৰাট কোহলী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ ওপৰি বহু সংস্থাৰ ব্ৰেণ্ড এম্ব্ৰেছাড। বিশেষকৈ যুৱ সমাজৰ বাবে তেওঁ এক আদৰ্শ।

কোহলী হৈছে অডি ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ। অডিৰ নতুন মডেল মুকলি হ’লেই তেওঁ লাভ কৰে। প্ৰশ্ন হ’ল, পুৰণি মডেলৰ গাড়ীবোৰ থাকিলে কোহলীয়ে কি কৰে?

উল্লেখ্য যে কোহলীৰ এটা অডি মডেল এতিয়া থানাত আছে। গাড়ীখন ধুলিৰে আৱৰি আছে। কিন্তু থানাত কিয় আছে কোহলীৰ গাড়ী? জনা গৈছে কোহলীৰ সেই গাড়ীখন আছিল ২০১২ চনৰ।

লগতে পঢ়কঃ চৰকাৰী কর্মচাৰীসকলে এতিয়াৰে পৰা পিন্ধিব নোৱাৰিব জিন্স-টিচার্ট; খাদিৰ পোছাক…

কোহলীয়ে গাড়ীখন সাগৰ ঠাকুৰ নামৰ এজন লোকক বিক্ৰী কৰিছিল। গাড়ীখন ২.৫০ কোটি টকাত ক্ৰয় কৰিছিল ব্যক্তিজনে। এতিয়া সেই লোকজনৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ ৰুজু হৈছে। যাৰ বাবে আৰক্ষীয়ে তেওঁৰ গাড়ীখন জব্দ কৰিছে।

উল্লেখ্য যে সকলো নীতি-নিয়মৰ মাজেদিয়ে লোকজনক গাড়ীখন বিক্ৰী কৰিছিল কিং কোহলীয়ে। সেয়েহে কোহলীৰ এই গাড়ীখনৰ সৈতে কোনো সম্পৰ্ক নাই।

You might also like