অষ্ট্রেলিয়াত সপ্তম শতৰান বিৰাটৰ
🔹 কিংবদন্তি ব্রেডমেন–শচীনৰ অভিলেখ ভংগ
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : ২০২৩ চনৰ জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমবাৰ শতৰান কৰিছিল তেওঁ৷ বিগত ১৫ মাহ শতৰানৰ পৰা বঞ্চিত হোৱাৰ পিছত অৱশেষত পার্থত অপেক্ষাৰ অৱসান ঘটিল৷ বিচাৰি পোৱা গ’ল চিনাকি বিৰাট কোহলিক৷ অষ্ট্রেলিয়াৰ মাটিত সম্পূর্ণ কৰিলে সপ্তমটো শতৰান৷ কোহলিয়ে পুনৰ বুজাই দিলে যে অষ্ট্রেলিয়াৰ মাটিত তেৱেঁই ৰজা৷ ইয়াৰ লগে লগে ভাঙি পেলালে শচীন তেণ্ডুলকাৰ, ডন ব্রেডমেনৰ দৰে কিংবদন্তিৰ অভিলেখ৷ উল্লেখ্য যে পার্থত তেওঁ ক্রমাগতভাৱে দুটা শতৰান অর্জন কৰিলে৷ ২০১৮ চনৰ ডিচেম্বৰত তেওঁ এইখন গ্রাউণ্ডত শতৰান কৰিছিল৷ এডিলেইডৰ জৰিয়তে ২০১২ চনত তেওঁ প্রথমবাৰৰ বাবে অষ্ট্রেলিয়াৰ মাটিত শতৰান পূর্ণ কৰিছিল৷ ইতিমধ্যে এডিলেইডত বিৰাটে তিনিটা শতৰান অর্জন কৰিছে৷ ২০১৪ চনৰ ডিচেম্বৰত তেওঁ দ্বিতীয়টো আৰু সেই বছৰৰে একেটা শৃংখলাত তেওঁ তৃতীয়টো শতৰান কৰিছিল এডিলেইডত৷ সেইবাৰে মেলব’ৰ্নতো তেওঁৰ বেটৰ পৰা আহিছিল এটি শতৰানৰ ইনিংছ৷ আনহাতে, ২০১৫ চনত ছিডনীত তেওঁৰ বেটৰ পৰা আহিছিল ষষ্ঠটো শতৰান৷ কালি অষ্ট্রেলিয়াৰ বিৰুদ্ধে অপৰাজিত ১০০ ৰান সংগ্রহ কৰাৰ পিছতে ভাৰতে ইনিংছ সমাপ্তি ঘোষণা কৰে৷