৭ বছৰৰ পিছত উইকেট বিৰাট কোহলিৰ
বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : নেদাৰলেণ্ডছৰ বিৰুদ্ধে অর্ধশতৰান কৰাৰ পিছত বল হাতত লৈ উইকেট দখল কৰিলে বিৰাট কোহলিয়ে৷ বেংগালুৰুত ৭ বছৰ পিছত উইকেট লাভ কৰে তেওঁ৷ বিৰাটে উইকেট দখল কৰি আনন্দত জঁপিয়াই উঠে৷ সেই সময়তে দর্শকৰ আসনত দেখা যায় অনুষ্কা শর্মাই থিয় হৈ হাত চাপৰি বজাইছে৷ উল্লেখ্য যে নেদাৰলেণ্ডছৰ বিৰুদ্ধে আৰম্ভণিতে যশপ্রীত বুমৰাহ, মহম্মদ ছামিহঁতে উইকেট পোৱা নাছিল৷ সেইবাবে মাজৰ অভাৰত ৰোহিত শর্মাই বল তুলি দিয়ে বিৰাটৰ হাতত৷ ইয়াৰ পূর্বে বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত হার্দিক পাণ্ডিয়াই আঘাত পোৱা বাবে তেওঁৰ অভাৰ সম্পূর্ণ কৰিছিল কোহলিয়ে৷ কালি মেচখনত তিনিটা বল কৰি ৭ ৰান দিছিল তেওঁ৷ পৰৱর্তী অভাৰত এক ৰান দি দখল কৰে স্কট এডৱার্ডছৰ উইকেট৷ নেদাৰলেণ্ডছৰ অধিনায়কে লেগ ষ্টাম্পৰ বাহিৰৰ বল খেলিবলৈ গৈ কেচ দিয়ে উইকেটকীপাৰ লোকেশ ৰাহুলৰ হাতত৷ বিৰাটে উইকেট লাভ কৰাৰ লগে লগে গেলাৰীত থকা অনুষ্কাৰ ফালে চাই উচ্ছাস প্রকাশ কৰে৷ অনুষ্কাকো হাত চাপৰি বজাই আনন্দ প্রকাশ কৰা দেখা যায়৷ ভাৰতীয় ক্রিকেটাৰসকলৰ পত্নী বেংগালুৰুলৈ আহিছিল দীপাৱলী অনুষ্ঠানত যোগ দিবলৈ৷ তেওঁলোকৰ প্রায় সকলোৱে আহিছিল খেল উপভোগ কৰাৰ বাবে৷ অনুষ্কাক এইবাৰ সকলো মেচতে দেখা পোৱা নগ’ল৷ ইয়াৰ পূর্বে পাকিস্তানৰ মেচত দেখা গৈছিল অভিনেত্রীগৰাকীক৷ কোহলিৰ জন্মদিনত ইডেনলৈও অহা নাছিল অনুষ্কা৷ তেওঁ কালি বেংগালুৰুত মেচ চাবলৈ আহি কোহলিৰ উইকেট লাভৰ মুহূর্তও উপভোগ কৰিলে৷ কোহলিয়ে ইয়াৰ পূর্বে এদিনীয়া ক্রিকেটত ২০১৪ চনত উইকেট লাভ কৰিছিল৷ সেইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনত তেওঁ উইকেট দখল কৰিছিল৷ অন্তিমবাৰ ২০১৬ চনত কোহলিয়ে উইকেট লাভ কৰিছিল৷ সেইবাৰ ৱাংখেড়েত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ লাভ কৰিছিল উইকেট৷ আন্তর্জাতিক ক্রিকেটত ইয়াৰ পূর্বে ৮টা উইকেট আছিল কোহলিৰ নামত৷ ইয়াৰে চাৰিটা এদিনীয়া ক্রিকেটত আৰু চাৰিটা লাভ কৰিছিল টি–২০ত৷ কালি তেওঁ নৱমটো উইকেট লাভ কৰে৷