নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনক লগ পাবলৈ সাংবাদিক হৈ ঘৰ ওলাইছিল অঞ্জলিয়ে, আজি তাৰকা দম্পতিৰ বিবাহ বাৰ্ষিকী

বিশেষ বাৰ্তা, ২৪ মেঃ ১৯৮৯ চনত ১৬ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় মেচ খেলা শচীন তেণ্ডুলকাৰে অতি কম সময়ৰ ভিতৰতে নিজৰ নাম উজলাবলৈ সক্ষম হয়। অঞ্জলি মেহতাই প্ৰথমবাৰৰ বাবে মুম্বাই বিমানবন্দৰত বৰ মৰমলগা ল’ৰা হিচাপে ১৭ বছৰীয়া শচীনক পাইছিল। ৫ বছৰৰ পিছত ১৯৯৫ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। অঞ্জলি মেহতা হৈ পৰে অঞ্জলি তেণ্ডুলকাৰ। আজি এই চেলিব্ৰিটী দম্পতীৰ বিয়াৰ ২৭ বছৰ সম্পূৰ্ণ হৈছে। ক্ৰিকেটক ধৰ্ম হিচাপে গণ্য কৰা দেশত চুটি-চাপৰ ল’ৰাটোৱে ‘ভগৱান’ৰ মৰ্যাদা লাভ কৰিছে। শচীন আৰু অঞ্জলিৰ দুটি সন্তান, ছাৰা আৰু অৰ্জুন।

প্ৰথম সাক্ষাতৰ পিছত দুয়োৰে মাজত গোপনে প্ৰায় পাঁচ বছৰ প্ৰেমৰ সম্পৰ্ক হৈছিল, কিন্তু কোনেও এই বিষয়ে জানিবলৈও নাপালে। ১৯৯৪ চনত নিউজিলেণ্ডত আঙুঠি পিন্ধোৱা পৰ্ব হোৱাৰ পিছতহে দুয়োৰে সম্পৰ্কৰ কথা প্ৰকাশ পাইছিল। দুয়ো প্ৰথম লগ পোৱা কাহিনী সকলোৱে জানে যদিও এই প্ৰেম কাহিনীৰ আৰু বহুত ৰসাল ঘটনা আছে। শচীনক লগ পাবলৈ ডাঃ অঞ্জলিয়ে বৰ কষ্ট কৰিবলগীয়া হৈছিল। আনকি এবাৰ সাংবাদিক হৈ শচীনৰ ঘৰ ওলাইছিল অঞ্জলিয়ে। ১৯৯৫ চনৰ ২৪ মে’ত মাত্ৰ ২২ বছৰ বয়সতে শচীনে শিশু চিকিৎসক ডাঃ অঞ্জলিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শচীনতকৈ বয়সত ৬ বছৰ ডাঙৰ অঞ্জলি। এই বিবাহে একেটা ব’লতে যেন ভাঙি পেলাইছিল সহস্ৰ যুৱতীৰ হৃদয়।

You might also like