নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ দখলত আইপিএলৰ সর্বাধিক উইকেট ?

🔹 ভুবনেশ্বৰক অতিক্রম ৰবিচন্দ্রন অশ্বিনৰ

নিউজ ডেস্ক, ১০ এপ্রিল : চেন্নাই ছুপাৰ কিংছৰ তাৰকা স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আইপিএলত এক কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ আইপিএলৰ ইতিহাসত সর্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত তৃতীয় স্থান দখল কৰে অশ্বিনে৷ মঙলবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলা আইপিএলৰ মেচখনত এই গৌৰৱৰ অধিকাৰী হয় ৩৮ বছৰীয়া অফস্পীনাৰগৰাকী৷ মেচখনত দুটাকৈ উইকেট দখল কৰি অশ্বিনে আইপিএলৰ ইতিহাসত দখল কৰা উইকেটৰ সংখ্যা ১৮৫টালৈ বৃদ্ধি কৰে৷ অশ্বিনে ২১৭খন মেচত ১৮৫টা উইকেট দখল কৰি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা পেচ বলাৰ ভুবনেশ্বৰ কুমাৰক অতিক্রম কৰে৷ ভুবনেশ্বৰে এতিয়ালৈকে ১৭৯খন মেচত ১৮৪টা উইকেট দখল কৰি চতুর্থ স্থানটো অধিকাৰ কৰি আছে৷ আইপিএলত সর্বাধিক উইকেট দখল কৰা তালিকাৰ শীর্ষস্থানত আছে পঞ্জাব কিংছৰ য়ুজবেন্দ্র চাহাল৷ ১৬৪খন মেচত চাহালে ২০৬টা উইকেট দখল কৰিছে৷ ইফালে, ১৯২টা উইকেট দখল কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে পীয়ূষ চাওলাই৷

You might also like