নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইৰ পৰৱৰ্তী সম্পাদক কোন? চৰ্চাত দুই ব্যক্তি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ আইচিচিৰ অধ্যক্ষ হিচাপে পৰিগণিত হোৱা জয় শ্বাহ ১ ডিচেম্বৰৰ পৰা কাৰ্যকাল আৰম্ভ কৰিব। এতিয়ালৈকে জয় শ্বাহে বিচিচিআইৰ সম্পাদক হিচাপে কাম কৰি আছে, কিন্তু ১ ডিচেম্বৰৰ পিছত কোনে ল’ব জয় শ্বাহৰ পদ? ডিচেম্বৰ মাহ ওচৰ চাপি অহাৰ লগে লগে এই প্ৰশ্নটো অধিক তীব্ৰতৰ হৈ পৰিছে। এই প্ৰশ্ন সন্দৰ্ভত ওলোৱা প্ৰতিবেদনত কোৱা হৈছিল যে জয় শ্বাহৰ পিছত কাক বিচিচিআইৰ সম্পাদক হোৱাৰ দৌৰত কোন। ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জয় শ্বাহৰ পিছত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহণ জেটলি বিচিচিআইৰ সম্পাদক পদৰ দৌৰত আছে। ৰোহণ জেটলিৰ উপৰি গুজৰাট ক্ৰিকেট সন্থাৰ সম্পাদক অনিল পেটেলৰ নামো বিচিচিআইৰ সম্পাদক হোৱাৰ দৌৰত নামি পৰিছে। অৱশ্যে এই পদৰ বাবে ৰোহণ জেটলি ফেভাৰিট হিচাপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে ৰোহণ জেটলি প্ৰয়াত ৰাজনীতিবিদ অৰুণ জেটলিৰ পুত্ৰ আৰু আজিকালি তেওঁ দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বেও ৰোহণ জেটলি বিচিচিআইৰ সম্পাদক হোৱাৰ খবৰ ওলাইছিল, যিটো তেওঁ সম্পূৰ্ণৰূপে নাকচ কৰিছিল। অৱশ্যে এই বিষয়ত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। লগতে প্রতিবেদনত প্রকাশ কৰা হৈছে যে জয় শ্বাহক সলনি কৰাৰ সন্দর্ভত বি চি চি আইত বিশেষ সাধাৰণ সভা (এছ জি এম) নাথাকিব৷ ইয়াৰ পূৰ্বেও ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাতো জয় শ্বাহৰ সলনি নিযুক্তিৰ এজেণ্ডা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। আই চি চিৰ অধ্যক্ষ নিৰ্বাচনত জয় শ্বাহে যথেষ্ট সমৰ্থন পাইছিল। ১৬জন সদস্যৰ ভিতৰত ১৫জন সদস্যই তেওঁৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰে। বৰ্তমানৰ আই চি চিৰ অধ্যক্ষ জৰ্জ বেইলীৰ ঠাইত জয় শ্বাহ আহিব। উল্লেখযোগ্য যে ২০১৯ চনত জয় শ্বাহক বিচিচিআইৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। শ্বাহ সম্পাদক হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত বহু পৰিৱৰ্তন দেখা গ’ল। সম্পাদক হিচাপে জয় শ্বাহকো বহুত ভাল পাইছিল।

You might also like