নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন এই ভিগনেশ, যি পালে ৰোহিত ইম্পেক্টৰ হৈ খেলাৰ সুযোগ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ ৰোহিত শৰ্মাৰ ঠাইত দ্বিতীয় ইনিংছত ইমপেক্ট প্লেয়াৰ হিচাপে প্ৰৱেশ কৰা মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ ভিগনেশ পুথুৰে আই পি এলত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। এই সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰি আই পি এলৰ অভিষেক স্মৰণীয় কৰি তুলিলে। চি এছ কেৰ অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ ৰূপত আই পি এলৰ প্ৰথমটো উইকেট দখল কৰে ভিগনেশে। ইয়াৰ পিছতে তেওঁ বিস্ফোৰক বেটছমেন শিৱম ডুবে আৰু দীপক হুডাক আউট কৰে। নিজৰ স্পেলত তেওঁ ৩২ ৰানত মুঠ ৩টা উইকেট দখল কৰে। উল্লেখ্য যে আই পি এলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ভিগনেশ পুথুৰক ৩০ লাখ টকাত ক্ৰয় কৰিছিল।

📌 EXCLUSIVE… মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ চোঁচা প্ৰকাণ্ড গঁড়ৰ। 📌 চালকৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা বাহনখনত থকা পৰ্যটকৰ দলটোৰ।

অভিষেক মেচতে ৩ উইকেট
চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অভিষেক মেচত মুঠ ৩টা উইকেট দখল কৰে ভিগনেশ পুথুৰে। ৪ অভাৰৰ স্পেলত ৩২ ৰান দিয়ে।

ভিগনেশ পুথুৰে এতিয়াও ঘৰুৱা ক্ৰিকেট খেলা নাই
বাঁওহতীয়া স্পিনাৰ ভিগনেশ পুথুৰে ১১ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। কেৰালা ক্ৰিকেট লীগৰ প্ৰথম ছিজনত তেওঁ এলেপে ৰিপলছ দলৰ হৈ খেলিছিল। প্ৰতিযোগিতাখনত পুথুৰে মাত্ৰ তিনিটা উইকেট দখল কৰিছিল যদিও মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্টৰ দৃষ্টি আকৰ্ষণ কাঢ়িছিল, যিয়ে তেওঁক ট্ৰাইলৰ বাবে আমন্ত্ৰণ জনাইছিল।

দিলে চমক, চিএছকেৰ বিৰুদ্ধে কেনেকৈ সুযোগ পালে ভিগনেশে?

You might also like