হার্দিক পাণ্ডিয়াক সাৱটি ধৰি আৱেগিক হৈ পৰিল পত্নী, ‘চেম্পিয়ন’ স্বামীয়ে দিলে সান্ত্বনা
বিশেষ বাৰ্তা, ৩০ মেঃ আই পি এলত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে দায়িত্ব লৈছিল অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই। তেওঁৰ নেতৃত্বত গুজৰাট টাইটানছে স্মৰণীয় প্ৰদৰ্শন কৰি আই পি এল ২০২২ খিতাপ দখল কৰে। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত টি-২০ লীগ আৰম্ভ কৰে হাৰ্দিকে। সেয়ে এইবাৰ সকলোৰে বিশেষ দৃষ্টি আছিল তেওঁৰ প্ৰদৰ্শনত। অৱশ্যে হার্দিকে ভাল প্ৰদৰ্শন কৰি সমালোচকক উপযুক্ত উত্তৰ দিছে। আঘাতপ্ৰাপ্ত অৱস্থাত হাৰ্দিকক মনোবল বৃদ্ধি কৰাত সহায় কৰে পত্নী নাটাছা ষ্টেনকভিচে। কালি ৰাজস্থান ৰয়েলছক হৰুৱাই গুজৰাট টাইটানছে চেম্পিয়ন হৈ উঠাৰ পাছতে নাটাছাক অতি আৱেগিক যেন দেখিছিল। নাটাছা আৰু হাৰ্দিকৰ আলিংগনৰ সুন্দৰ ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আচলতে গুজৰাট টাইটানছ চেম্পিয়ন হোৱাৰ লগে লগেই নাটাছাই আৰু ৰ’ব নোৱাৰে। আবেগ সামৰিব নোৱাৰি দৌৰি আহে খেলপথাৰলৈ, সাৱটি ধৰিলে ‘চেম্পিয়ন’ স্বামী হাৰ্দিকক। নাটাছাক আৱেগিক যেন দেখা গৈছিল সেই সময়ত। অৱশ্যে হাৰ্দিকে তেওঁক সান্ত্বনা দিয়ে।