নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গিল-গম্ভীৰ যুটি-য়ে ভাঙিবনে ১৮ বছৰীয়া বাধাৰ প্ৰাচীৰ, ইংলেণ্ডত গুৰু গম্ভীৰৰ গোপন মন্ত্ৰণা

ৰাহুল দ্ৰাবিড়ৰ অধিনায়কত্বত অন্তিমবাৰৰ বাবে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২০০৭ চনত জয়ী হৈছিল। সেই সময়ত ভাৰতে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত জয়লাভ কৰিছিল

গিল-গম্ভীৰ যুটি-য়ে ভাঙিবনে ১৮ বছৰীয়া বাধাৰ প্ৰাচীৰ, ইংলেণ্ডত গুৰু গম্ভীৰৰ গোপন মন্ত্ৰণা

নিউজ ডেস্ক, ১০ জুন : ইংলেণ্ডৰে পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰম্ভ কৰিব ভাৰতে। শুভমন গিলৰ নেতৃত্বত ইংলেণ্ডৰ বিৰুদ্ধে এই টেষ্ট শৃংখলা খেলিব ভাৰতীয় দলটোৱে । ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত গিলক টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই শৃংখলাৰ সহ-অধিনায়ক হিচাপে থাকিব ঋষভ পণ্ট।

ইতিমধ্যে টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় দল। শুভমন গিলৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলটোৱে কঠোৰ অনুশীলন কৰিছে। ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ। ইয়াৰ বাবে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ প্ৰশিক্ষকতাত টীম ইণ্ডিয়াই প্ৰস্তুতি আৰম্ভ কৰিছে।

যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙৰ লগতে নৱনিযুক্ত অধিনায়ক শুভমন গিল, ঋষভ পন্ট আৰু অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ নিৰ্দেশনাত অনুশীলন কৰে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে প্ৰবীণ খেলুৱৈৰ অৱসৰৰ পিছত গিলক ভাৰতৰ ৩৭সংখ্যক টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ তুলনামূলকভাৱে কম বয়সীয়া দল এটাৰ নেতৃত্ব দি আছে যিয়ে ২০০৭ চনৰ পিছত ইংলেণ্ডত প্ৰথমখন টেষ্ট শৃংখলা জয় কৰাৰ লক্ষ্য লৈছে।

হেডিংলেত এই শৃংখলা আৰম্ভ হ’ব আৰু তাৰ পিছত এডবাষ্টন, লৰ্ডছ, অল্ড ট্ৰেফৰ্ড আৰু অ’ভেলত বাকীকেইখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। ভাৰতীয় টেষ্ট দলৰ একাংশ খেলুৱৈয়ে বৰ্তমান নৰ্থাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দ্বিতীয়খন অনাধিকৃত টেষ্ট মেচত ইণ্ডিয়া এৰ হৈ খেলি আছে। ক্ৰীড়া বিজ্ঞানৰ অন্যতম সন্মানীয় ব্যক্তি এড্ৰিয়ান লে ৰ’ক্সে আগন্তুক ইংলেণ্ড ভ্ৰমণৰ বাবে শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক হিচাপে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত যোগদান কৰিছে। সোহাম দেশাইৰ ঠাইত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে ।

নতুন দায়িত্বৰ বাবে গিল সাজু যদিও তেওঁৰ সন্মুখত প্ৰত্যাহ্বান ডাঙৰ । গিল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলটোৱে পৰিৱৰ্তনৰ এটা পৰ্যায় পাৰ কৰিছে আৰু এতিয়া ফলাফল দিব লাগিব। আচলতে ২০০৭ চনৰ পিছত ইংলেণ্ডত ভাৰতে কোনো টেষ্ট শৃংখলা জয় কৰা নাই, গতিকে সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল এই গিল-গম্ভীৰ যুটিয়ে ১৮ বছৰীয়া প্ৰত্যাশাৰ অন্ত পেলাব পাৰিবনে? ৰাহুল দ্ৰাবিড়ৰ অধিনায়কত্বত অন্তিমবাৰৰ বাবে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২০০৭ চনত জয়ী হৈছিল। সেই সময়ত ভাৰতে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত জয়লাভ কৰিছিল। ২০০৭ চনৰ পৰা ভাৰতীয় দলটোৱে চাৰিবাৰ ইংলেণ্ড ভ্ৰমণ কৰিছিল যদিও জয়ৰ সোৱাদ ল’ব পৰা নাছিল।

You might also like