নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে মুম্বাই টেষ্টৰ পৰা বাদ পৰিল উইলিয়ামছন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ ১ নৱেম্বৰৰ পৰা মুম্বাহৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত–নিউজিলেণ্ডৰ মাজৰ তৃতীয় তথা অন্তিমখন টেষ্ট৷ এই টেষ্টখনৰ পৰাও বাদ পৰিছে নিউজিলেণ্ডৰ তাৰকা বেটাৰ কেন উইলিয়ামছন৷ উইলিয়ামছনে ইংলেণ্ডৰ বিৰুদ্ধে হ’ব লগা টেষ্ট শৃংখলাৰ পূর্বে সম্পূর্ণৰূপে সুস্থ হৈ ডঠিবলৈ চলিত শৃংখলাৰ অন্তিমখন টেষ্টত অংশগ্রহণৰ পৰা বিৰত থাকিব৷ ২৮ নৱেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া প্রথম টেষ্টৰ পূর্বে সুস্থ হৈ উঠাৰ আশাৰে ক্রিকেটৰ পৰা আঁতৰত আছে উইলিয়ামছন৷ শ্রীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাৰ সময়তে পিঠিত আঘাত পাইছিল ক্রিকেটাৰগৰাকীয়ে৷ এই আঘাতৰ বাবে তাৰকা বেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ বিপক্ষে বেংগালুৰু আৰু পুনেত অনুষ্ঠিত প্রথম দুখন টেষ্টতো অংশগ্রহণ কৰাৰ পৰা বিৰত আছিল৷ নিউজিলেণ্ডৰ মুখ্য প্রশিক্ষক গেৰী ষ্টেডে সদৰী কৰা অনুসৰি, উইলিয়ামছনে লাহে লাহে সুস্থ হ’বলৈ ধৰিছে৷ কিন্তু ইংলেণ্ড আৰু নিউজিলেণ্ডৰ টেষ্ট শৃংখলালৈ ক্রিকেটাৰগৰাকী সুস্থ হৈ উঠিবলৈ কিছু সময়ৰ প্রয়োজন হ’ব বুলিও ষ্টেডে মন্তব্য কৰে৷

You might also like