উইম্বলডনত নিষিদ্ধ ৰাছিয়ান খেলুৱৈ, পুটিনবাহিনীৰ কৰ্মৰ ফল ভূগিছে টেনিছ তাৰকাই
বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈ অবিহনে এইবাৰ অনুষ্ঠিত হ’ব সন্মানীয় গ্ৰেণ্ডশ্লাম উইম্বলডন। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন বাহিনীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বাবে অহা ২৭ জুনৰ পৰা হ’বলগীয়া উইম্বলডনত নিষিদ্ধ কৰা হ’ল ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈক। আয়োজক অল ইংলেণ্ড লন টেনিছ ক্লাবৰ এই সিদ্ধান্তত বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব বিস্বৰ দ্বিতীয় বাছনিৰ ৰাছিয়াৰ ডানিল মেডভেডেভ, আন্দ্ৰে ৰুবলেভ, পাভলিয়ুছেনক’ভাৰ লগতে বেলাৰুছৰ চতুৰ্থ বাছনিৰ ছাবালেংকা। উইম্বলডনৰ লগতে ব্ৰিটিছ গ্ৰাছক’ৰ্ট প্ৰতিযোগিতাতো ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈৰ অংশগ্ৰহণ নিষিদ্ধ কৰিছে।