এছিয়া কাপত আধিপত্য ভাৰতৰ : সপ্তমবাৰৰ বাবে খিতাপ দখল ভাৰতীয় মহিলা ক্রিকেট দলৰ
বিশেষ বাৰ্তা, ১৫ অক্টোবৰঃ ভাৰতীয় মহিলা ক্রিকেট দলে সপ্তমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰি ইতিহাস সৃষ্টি কৰিছে৷ এছিয়া কাপৰ ফাইনেলত ভাৰতীয় দলটোৱে শ্রীলংকাক ৮ উহকেটত পৰাস্ত কৰে৷ ভাৰতৰ হৈ ৫১ ৰানৰ ইনিংছ খেলে স্মৃতি মান্ধানাই৷ ফাইনেলত ভাৰতীয় বলাৰৰ সন্মুখত শ্রীলংকাৰ দলটো সম্পূর্ণ ব্যর্থ হৈ ২০ অভাৰত ৯টা উহকেট হেৰুৱাই মাত্ৰ ৬৫ ৰানহে কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ হৈ ৰেণুকা সিঙে ৩টা উইকেট দখল কৰে৷ চিলেটত খেলা চূডান্ত খেলখনত ভাৰতীয় দলটোৱে শ্রীলংকাক ৮ উহকেটত পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰে৷ এই জয়েৰে ভাৰতীয় দলটোৱে সপ্তমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে৷ চূডান্ত মেচখনত ভাৰতৰ বলাৰসকলে সুন্দৰ প্রদর্শন কৰি এই খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয়৷ ভাৰতৰ হৈ ৰেণুকা সিঙে তিনিটা আৰু ৰাজেশ্বৰী গাইকোৱাড আৰু স্নেহ ৰানাই দুটাকৈ উহকেট দখল কৰে৷ ৬৬ ৰানৰ লক্ষ্য পিছ লৈ খেলা ভাৰতীয় দলটোৱে স্মৃতি মান্ধানাৰ দৰ্শনীয় অৰ্ধশতকেৰে ২টা উহকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হল৷ ভাৰতীয় দলটোৰ হৈ স্মৃতি মান্ধনাই ৬টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ২৫টা বলত ৫১ ৰানৰ বিস্ফোৰক অর্ধশতক খেলে৷ ফাইনেল মেচত ভাৰতীয় বলাৰসকলে দুৰ্ধৰ্ষ বলিং প্ৰদৰ্শন কৰে৷