নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বৰ্ষৰ এদিনীয়া বিশ্বকাপ বর্জন কৰিব পাকিস্তানে : ৰামিজ ৰাজা

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ  ২০২৩ চনত ভাৰতত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্রিকেটত অংশগ্রহণ নকৰাৰ ভাবুকি দিছে পাকিস্তান ক্রিকেট ব’র্ডে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে মঙলবাৰে অহা বর্ষৰ এছিয়া কাপত অংশ ল’বলৈ পাকিস্তানলৈ ভাৰতীয় দল নাযায় বুলি মন্তব্য কৰাৰ পাছতে খর্গহস্ত হৈ পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ বিচিচিআইৰ সম্পাদক জয় শ্বাহৰ এনে মন্তব্যত আচৰিত আৰু হতাশ হৈ পৰা পাকিস্তানী ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰামিজ ৰাজাই কয় যে ২০২৩ চনৰ এছিয়া কাপ পাকিস্তানৰ পৰিৱর্তে নিৰপেক্ষ স্থানত আয়োজন কৰে, তেতিয়াহ’লে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক উচিত শিক্ষা দিয়া হ’ব৷ যদি এছিয়া কাপ আয়োজনৰ স্বত্ত্ব পাকিস্তানে লাভ নকৰে, তেতিয়া হ’লে অহা বর্ষত ভাৰতত হ’বলগা এদিনীয়া বিশ্বকাপৰ লগতে পৰৱর্তী সময়ত ভাৰতত হ’বলগীয়া বাকী প্রতিযোগিতাসমূহো বর্জন কৰিব পাকিস্তানে৷ এছিয়ান ক্রিকেট কাউন্সিল ব’ৰ্ড আৰু এছিয়া কাপৰ আয়োজক পাকিস্তান ক্রিকেট ব’ৰ্ডৰ সৈতে কোনোধৰণৰ আলোচনা আৰু মতামত গ্রহণ নকৰাকৈ বিচিচিআইৰ সম্পাদকগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে বুলি অভিযোগ তুলি পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাই কয় যে এয়া জয় শ্বাহৰ একপক্ষীয় সিদ্ধান্ত৷ বিচিচিআইৰ সম্পাদকগৰাকীয়ে কৰা এই মন্তব্য সন্দর্ভত এছিয়ান ক্রিকেট কাউন্সিলক এখন জৰুৰী বৈঠক আয়োজন কৰাৰ বাবে অনুৰোধ জনাইছে ৰামিজ ৰাজাই৷ অহা বর্ষৰ অক্টোবৰ–নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ আগমুহূর্তত এছিয়া কাপ আয়োজনৰ স্বত্ত্ব লাভ কৰিছিল পাকিস্তানে৷ উল্লেখ্য যে এছিয়ান ক্রিকেট কাউন্সিলৰ অধ্যক্ষ আৰু বিচিচিআইৰ সম্পাদক জয় শ্বাহে ব’ৰ্ডৰ ৯১সংখ্যক বার্ষিক সাধাৰণ বৈঠকত এই বুলি মন্তব্য কৰিছিল যে অহা বর্ষত পাকিস্তানত হ’বলগীয়া এছিয়া কাপত টীম ইণ্ডিয়াই ভাগ নলয়৷ প্রতিযোগিতাখন পাকিস্তানৰ পৰিৱর্তে নিৰপেক্ষ স্থানত আয়োজন কৰা হ’ব৷

You might also like