নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত নিউজিলেণ্ডৰ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ প্রথমটো দল হিচাপে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিছে কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডে৷ অষ্ট্রেলিয়াই আজি আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণ বাতিল কৰাৰ পিছতে নিউজিলেণ্ডৰ বাট মুকলি হয়৷ ইফালে, অষ্ট্রেলিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে৷ টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাত অতি কমেও দুখন মেচত জয় সাব্যস্ত কৰিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথ প্রশস্ত হ’ব৷ অৱশ্যে শৃংখলাৰ দুখন মেচত পৰাস্ত হ’লে বিৰাট কোহলি নেতৃত্বাধীন দলটো ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব৷ এই মুহূর্তত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ১৩খন মেচৰ ৯খনত জয়েৰে ৪৩০ পইণ্টেৰে শীর্ষত আছে৷ নিউজিলেণ্ডে ৪২০ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি আছে৷

You might also like