অষ্ট্রেলিয়া ক্রিকেট দলৰ দঃ আফ্রিকা ভ্রমণ স্থগিত
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্রিকাত অব্যাহত থকা মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অষ্ট্রেলিয়াই আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণ স্থগিত ৰাখিছে৷ ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বী নিক হকলীয়ে আজি এক বিবৃতিত এই কথা প্রকাশ কৰিছে৷ তেওঁ কয় যে মহামাৰীৰ সময়ত দক্ষিণ আফ্রিকা ভ্রমণ কৰাটো আমাৰ খেলুৱৈ তথা বিষয়ববীয়াসকলৰ বাবে বিপজ্জনক হ’ব পাৰে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট সূচী সুচাৰুৰূপে অব্যাহত থকাৰ ক্ষেত্রত এই ভ্রমণ অত্যন্ত গুৰুত্বপূর্ণ আছিল যদিও আমি খেলুৱৈসকলৰ স্বাস্থ্যৰ কথা গভীৰভাৱে উপলব্ধি কৰি ভ্রমণ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছোঁ৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে পৰৱর্তী সময়ত শৃংখলাত অৱতীর্ণ হ’বলৈ আগ্রহী বুলিও ক্রিকেট অষ্ট্রেলিয়াই সদৰী কৰিছে৷ উল্লেখ্য যে এইপর্যন্ত দক্ষিণ আফ্রিকাত ১.৪৫ মিলিয়ন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে আৰু ৪৪ হাজাৰ লোক মৃত্যুমুখত পৰিছে৷