নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হয়তো পৰৱর্তী অলিম্পিকত দেখা যাব মল্লযুঁজাৰু ভিনেশ ফ’গাটক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ আগষ্টঃ সদ্যসমাপ্ত পেৰিছ অলিম্পিকত যুটীয়া ৰূপৰ পদকৰ বাবে কৰা আবেদন খাৰিজ হোৱাৰ দুদিন পাছত ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফ’গাটে ছ’চিয়েল মিডিয়াত এক দীঘলীয়া পোষ্ট কৰে ৷ এই পোষ্টত তেওঁৰ পূর্বৰ অৱসৰৰ ঘোষণাৰ ক্ষেত্রত এক ইউ–টার্নৰ ইংগিত প্রদান কৰে৷ উল্লেখ্য যে ভাৰতলৈ উভতি অহাৰ এদিন পূর্বে ফ’গাটে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া আৱেগিক পোষ্ট লিখিছিল৷ পোষ্টটোত তেওঁ লিখে– ‘সম্ভৱতঃ পৰিৱর্তিত পৰিস্থিতিত মই নিজকে ২০৩২ চনলৈকে খেলি থকাটো দেখিবলৈ সক্ষম হ’ম৷’ উল্লেখ্য যে সদ্যসমাপ্ত পেৰিছ অলিম্পিক আছিল ভিনেশ ফ’গাটৰ তৃতীয় গ্রীষ্মকালীন অলিম্পিক৷ এইবাৰ অলিম্পিকত স্বর্ণ পদকৰ যুঁজৰ দিনা পুৱা অতিৰিক্ত ওজনৰ বাবে ভিনেশক ৫০ কিলোগ্রাম মহিলাৰ ফ্রী–ষ্টাইল কুস্তিৰ ফাইনেলত অযোগ্য ঘোষণা কৰা হয়৷ ইয়াৰ পিছতে তেওঁ মল্লযুদ্ধৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে আৰু চিএএছৰ ওচৰত যুটীয়া ৰূপৰ পদক বিচাৰি আবেদন কৰে৷ কিন্তু তেওঁ চিএএছৰ পৰা কোনো সুফল লাভ নকৰিলে৷ কিয়নো এড–ইক বিভাগে ভিনেশ ফ’গাটৰ আবেদন নাকচ কৰে৷ ইফালে নিশ্চিত পদকৰ পৰা বঞ্চিত হৈ হৃদয় ভাঙি চূৰমাৰ হোৱাৰ বিষয়ে উল্লেখ কৰি ভিনেশ ফ’গাটে কয়– ক’বলৈ বহুত আছে, কিন্তু প্রকাশৰ বাবে পর্যাপ্ত শব্দ নাই ৷ মই মাত্র এয়াই ক’ব বিচাৰোঁ যে আমি হাৰ মনা নাছিলোঁ, আমাৰ প্রচেষ্টা বন্ধ হোৱা নাছিল আৰু আমি আত্মসমর্পণ কৰা নাছিলোঁ৷ কিন্তু ঘড়ীটোহে স্তব্ধ হৈ গৈছিল আৰু সময়খিনি উপযুক্ত নাছিল৷ মোৰ ভাগ্য তেনেকুৱাই আছিল৷’ ভিনেশে লিখিছে৷ ‘হয়তো ভিন্ন পৰিস্থিতিত মই নিজকে ২০৩২ চনলৈকে খেলি থকাটো প্রত্যক্ষ কৰিব পাৰোঁ৷ কিয়নো মোৰ মাজত অন্তর্নিহিত যুঁজাৰু শক্তি আৰু মল্লযুদ্ধ সদায় থাকিব৷ মই এইটো ভৱিষ্যদ্বাণী কৰিব নোৱাৰোঁ যে ভৱিষ্যতে মোৰ বাবে অপেক্ষা কৰি আছে ৷ কিন্তু মই নিশ্চিত যে মই যি বিশ্বাস কৰোঁ তাৰ বাবে আৰু সঠিক বস্তুৰ বাবে মই সদায় যুঁজ অব্যাহত ৰাখিম৷’– তেওঁ প্রকাশ কৰে৷

You might also like